আমেৰিকাৰ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত প্রধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে ৫০ হাজাৰৰ প্ৰৱাসী ভাৰতীয়ক সম্বোধন কৰি থকাৰ সময়তে আন একাংশ প্ৰৱাসী ভাৰতীয়ই বাহিৰত সাব্যস্ত কৰিলে প্ৰতিবাদ। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা ১৯ লাখ লোকক বঞ্চিত কৰাৰ অভিযোগ তুলি সাব্যস্ত কৰে প্ৰতিবাদ।
Alliance for Justice and Accountabilityৰ বেনাৰত অনুষ্ঠিত এই প্ৰতিবাদৰ নেতৃত্ব দিয়ে Hindu for Human Rights নামৰ মাৰ্কিন সংগঠনটোৰ নেতা সুনীতা বিশ্বনাথে। সহযোগ কৰে Indian American Muslim Councilৰ নেতা ছয়িদ আলীয়ে।
আৰক্ষীৰ বেষ্টনীৰ মাজত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত NRC বিৰোধী বিভিন্ন শ্লোগান দিয়ে প্ৰতিবাদকাৰীসকলে। অৱশ্যে এই প্ৰতিবাদে মোদী আৰু ট্ৰাম্পৰ যুটীয়া কাৰ্যসূচীত কোনো ব্যাঘাত জন্মাবলৈ সক্ষম নহ’ল।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 23, 2019, 16:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|