সৰস্বতী পূজাৰ দিনা নিৰ্বাচনক লৈ তুমুল প্ৰতিবাদ, উচ্চ ন্যায়ালয়ত আৱেদন খাৰিজ

ফটো সৌজন্যঃ এই সময়
ভাৰতবর্ষত নহয়; এই ঘটনা ঘটিল বাংলাদেশৰ ৰাজধানী ঢাকাৰ মেয়ৰৰ নিৰ্বাচনত।
- News18 Assam
- Last Updated: January 20, 2020, 2:48 PM IST
ঢাকাৰ ছাত্ৰ সমাজে মহানগৰ খনৰ শ্বাহবাগ অঞ্চলত সাব্যস্ত কৰিলে বিশাল প্ৰতিবাদ । দাবী নিৰ্বাচনৰ তাৰিখ পিছুৱাই দিব লাগে ।
অধিবক্তা ঘোষ এইবাৰ কাষ চাপিল বাংলাদেশ উচ্চ ন্যায়ালয়ৰ । শাসক দল আৱামী লীগৰ উত্তৰ ঢাকাৰ মেয়ৰৰ প্ৰাৰ্থী আতিকুল ইছলামেও সমৰ্থন কৰিলে সমৰ্থনকাৰীক ।
ঢাকা সমগ্ৰ বিশ্বৰে এখন অন্যতম বহুল ঘনত্বৰ মহানগৰ । সমগ্ৰ দেশৰ ২০ শতাংশ GDP আহে ঢাকাৰ পৰা আৰু দেশৰে ৫০ শতাংশ চাকৰি ঢাকাতে আছে। ২০১১ চনত ঢাকাৰ নগৰ পালিকাক দুটা ভাগত বিভক্ত কৰা হৈছিল ।
এইবাৰ বাংলাদেশত জানুৱাৰীৰ ৩০ তাৰিখে সৰস্বতী পূজা উদযাপন কৰা হ’ব । ঢাকেশ্বৰী মন্দিৰৰ পূজা কমিটিয়ে জানুৱাৰীৰ প্ৰথম সপ্তাহত এখন বৈঠকৰ আহ্বান জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছিল ।