সু-উচ্চ পাহাৰৰ ওপৰত প্ৰেমিকে দিলে বিয়াৰ প্ৰস্তাৱ! আনন্দৰ মুহূৰ্তৰ মাজতে ভৰি পিছলি ৬৫০ মিটাৰ তলত পৰিল প্ৰেমিকা

News18 Assam | News18-Assam
Updated:January 2, 2021, 2:20 PM IST
সু-উচ্চ পাহাৰৰ ওপৰত প্ৰেমিকে দিলে বিয়াৰ প্ৰস্তাৱ! আনন্দৰ মুহূৰ্তৰ মাজতে ভৰি পিছলি ৬৫০ মিটাৰ তলত পৰিল প্ৰেমিকা
বিয়াৰ প্ৰস্তাৱত সন্মতি জনোৱাৰ আনন্দৰ মুহূৰ্তত ভৰি পিছলি পাহাৰৰ পৰা ৬৫০ মিটাৰ তলত পৰিল প্ৰেমিকা।

বিয়াৰ প্ৰস্তাৱত সন্মতি জনোৱাৰ আনন্দৰ মুহূৰ্তত ভৰি পিছলি পাহাৰৰ পৰা ৬৫০ মিটাৰ তলত পৰিল প্ৰেমিকা।

  • Share this:
সূৰ্যাস্ত, মুক্ত আকাশ! পাহাৰৰ এটা কোণত, য’ত চিঞৰি প্ৰ’পোজ কৰিলে উত্তৰ দিয়ে পাহাৰে। কিন্তু সেই সময়ত কিছু সাৱধানতা অৱলম্বন কৰাৰো প্ৰয়োজন। কাৰণ বিপদ কেতিয়া আহিব, কোনে জানে?

প্ৰেমিক আৰু প্ৰেমিকা অষ্ট্ৰিয়াৰ বাসিন্দা। পাহৰৰ নিৰ্জন এটা কোণত ৰৈ মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত প্ৰেমিকাক প্ৰেমিকে দিয়ে বিয়াৰ প্ৰস্তাৱ। লগে লগে প্ৰেমিকাৰ মন আনন্দৰে ভৰি পৰিল। চিঞৰি চিঞৰি সন্মতি জনালে প্ৰেমিকৰ প্ৰস্তাৱক। কিন্তু সেই সময়তে
সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা।

হঠাত্‍ পাহাৰৰ ওপৰত ভৰি পিছলি যায় প্ৰেমিকাৰ। লগে লগে পৰি যায় প্ৰায় ৬৫০ মিটাৰ তলত। দিশহাৰা হৈ পৰে প্ৰেমিক। প্ৰেমিকাকক ৰক্ষা কৰিবলৈ লগে লগে জাপ দিয়ে
প্ৰেমিকে।

প্ৰেমৰ এই কাহিনী ইমানতে শেষ নহয়। ভাগ্য ভাল আছিল দুয়োৰে। ৩২ বছৰীয়া প্ৰেমিকা পৰি যায় বৰফৰ মাজত। ফলত ৰক্ষা পৰে জীৱন। জনা গৈছে যে, এই প্ৰেমিক-প্ৰেমিকাই কাৰিনাথিয়াৰ ফালকাৰ্ট পৰ্বতৰ ওপৰত কটাইছিল ৰোমান্তিক মূহূৰ্ত। মাত্ৰ ২৭ বছৰৰ প্ৰেমিকে যেতিয়া বিয়াৰ প্ৰস্তাৱ দিয়ে, লগে লগে আনন্দত আত্মহাৰা
হৈ পৰে প্ৰেমিকা।

দুয়োজনক এতিয়া অত্যন্ত ভাগ্যবান বুলি অভিহিত কৰিছে স্থানীয় আৰক্ষীয়ে। মহিলাগৰাকী ৬৫০ মিটাৰ তলত পৰিছিল। যদি সেই সময়ত তুষাৰপাত নহ’লহেতেন তেন্তে নিশ্চিত মৃত্যু মুখত পৰিল হেতেন প্ৰেমিকা। পিছত এখন হেলিকপ্তাৰে উদ্ধাৰ কৰে দুয়োকে।
Published by: Himangshu Bhuyan
First published: January 2, 2021, 2:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading