নিউজীলেণ্ডৰ মছজিদৰ গুলীবৰ্ষণৰ 'প্ৰতিশোধ' শ্ৰীলংকা কাণ্ড

শ্ৰীলংকাৰ উপ প্ৰতিৰক্ষা মন্ত্ৰীয়ে জনালে প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য


Updated:April 23, 2019, 5:01 PM IST
নিউজীলেণ্ডৰ মছজিদৰ গুলীবৰ্ষণৰ 'প্ৰতিশোধ' শ্ৰীলংকা কাণ্ড
শ্ৰীলংকাৰ উপ প্ৰতিৰক্ষা মন্ত্ৰীয়ে জনালে প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য

Updated: April 23, 2019, 5:01 PM IST
নিউজীলেণ্ডৰ এটা মছজিদত এগৰাকী উন্মাদ ব্যক্তিয়ে গুলীবৰ্ষণেৰে কেইবাজনো লোকক হত্যা কৰাৰ প্ৰতিশোধ শ্ৰীলংকাৰ ধাৰাবাহিক বোমাকাণ্ড। প্ৰাথমিক অনুসন্ধান মতে দেওবাৰে শ্ৰীলংকাৰ ৰাজধানী কলম্বোসহ দেশ কঁপাই যোৱা ধাৰাবাহিক বিস্ফোৰণ আছিল নিউজীলেণ্ডৰ আন এক বৰ্বৰ কাণ্ডৰ প্ৰতিশোধ। শ্ৰীলংকাৰ সংসদত উপ প্ৰতিৰক্ষা মন্ত্ৰী ৰুৱান উইজেৱাৰ্ডেনে মঙলবাৰে জনায় এই কথা।

প্ৰাথমিক অনুসন্ধানত দেখা গৈছে যে শ্ৰীলংকাত দেওবাৰে যি ঘটনা সংঘটিত হ’ল সেয়া খ্ৰীষ্টচাৰ্ছত ইছলামধৰ্মীসকলৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিশোধ।


যোৱা ১৫মাৰ্চত নিউজীলেণ্ডৰ খ্ৰীষ্টচাৰ্ছ চহৰত দুটা মছজিদত হোৱা গুলীবৰ্ষণত ৫০জন লোকৰ প্ৰাণ গৈছিল।


নিউজ18ৰ সৈতে হোৱা বাৰ্তালাপত শ্ৰীলংকাৰ গৃহমন্ত্ৰী জে চি আলাৱাথালাইও কয় যে শ্ৰীলংকাৰ ভয়ংকৰ ঘটনা নিউজীলেণ্ডৰ মছজিদ আক্ৰমণৰ প্ৰতিশোধ হ’ব পাৰে।

আমি এই বিস্ফোৰণ সন্দৰ্ভত কেইজনমান যুৱকক আটক কৰিছো। তেওঁলোক প্ৰধানকৈ  পানাপুৰা (শ্ৰীলংকাৰ চাবাৰগামুৱাৰ প্ৰদেশ) আৰু ডেমাটাগৰা (কলম্ব’ৰ পাশ্বৰ্ৱতী এলেকা)ৰ। প্ৰাথমিক সূত্ৰই প্ৰকাশ কৰা মতে নিউজীলেণ্ডত ঘাতকৰ গুলীচালনা ঘটনাৰ এয়া প্ৰতিশোধ হ’ব পাৰে।


নিউজ18 ইয়াৰ লগতে প্ৰাক্তন ভাৰতীয় কূটনীতিবিদ জি পাৰ্থসাৰথীৰ সৈতেও কথা পাতিছিল আৰু তেওঁ একেই সূত্ৰ প্ৰকাশ কৰে।



শ্ৰীলংকাৰ পৰা কোনোবা ছিৰিয়া বা ইৰাকলৈ গৈ আইএছআইএছৰ প্ৰশিক্ষণ লোৱাৰ কোনো প্ৰমাণ নাই। কিন্তু যিহেতু খ্ৰীষ্টিয়ান সকলক প্ৰধানকৈ লক্ষ্য কৰি লোৱা হৈছিল আৰু আক্ৰমণৰ সময়ো খ্ৰীষ্টান ধৰ্মীয়সকলৰ অতি পৱিত্ৰ, ইয়াৰ দ্বাৰা নিউজীলেণ্ডৰ মছজিদতপ্ৰাৰ্থনা কৰিবলৈ অহা লোকসকলৰ হত্যাৰ এক সংযোগ প্ৰকাশ পায়।


মঙলবাৰে শ্ৰীলংকা আৰক্ষীয়ে এজন ছিৰিয়াৰ বাসিন্দাসহ ৪০জন লোকক এই আক্ৰমণ সন্দৰ্ভত সোধা–পোছা কৰিবলৈ আটক কৰে। শ্ৰীলংকাৰ বিস্ফোৰণত নিহত লোকৰ সংখ্যা ইতিমধ্যে ৩২১জনৰো অধিক হৈছে।

কোনো সন্ত্ৰাসবাদী গোটে এই বিস্ফোৰণৰ দায়িত্ব গ্ৰহণ কৰা নাই যদিও চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে কমেও সাতজন আত্মঘাতী বোমাৰুৱে তিনিটা গীৰ্জা আৰু চাৰিখন হোটেলত আক্ৰমণ চলাইছিল। ৫০০ৰো অধিক লোক এই বিস্ফোৰণ লানীত আহত হয়।

বিদেশৰ পৰা ইছলামিক সন্ত্ৰাসবাদী গোটে এই আক্ৰমণ সংঘটিত কৰা তথ্য প্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সূত্ৰইও।

আৰু চাওক পৰৱৰ্তী বাতৰি