কাজিৰঙাৰ বানত উদ্বিগ্ন প্ৰিন্স উইলিয়াম, ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকলৈ লিখিলে পত্ৰ

News18 Assam | News18-Assam
Updated:July 24, 2020, 3:37 PM IST
কাজিৰঙাৰ বানত উদ্বিগ্ন প্ৰিন্স উইলিয়াম, ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকলৈ লিখিলে পত্ৰ
পত্ৰৰ জৰিয়তে প্ৰিন্স উইলিয়ামে ২০১৬ চনত কাজিৰঙা ভ্ৰমণলৈ অহাৰ কথাও উল্লেখ কৰিছে।

পত্ৰৰ জৰিয়তে প্ৰিন্স উইলিয়ামে ২০১৬ চনত কাজিৰঙা ভ্ৰমণলৈ অহাৰ কথাও উল্লেখ কৰিছে।

  • Share this:
কাজিৰঙাত এতিয়া বানৰ বিভীষিকা। পানীৰ তলত এতিয়া ৰাষ্ট্ৰীয় উদ্যানখন। বানৰ কবলত পৰি মৃত্যু হৈছে বহু পশুধন। ৰাষ্ট্ৰীয় উদ্যান খনৰ শেহতীয়া পৰস্থিতিকলৈ উদ্বিগ্ন হৈ পৰিছে কেনিংগষ্টন পেলেচৰ প্ৰিন্স উইলিয়াম। শুকুৰবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডাইৰেক্টৰলৈ পত্ৰ লিখিলে প্ৰিন্স উইলিয়ামে।



পত্ৰৰ জৰিয়তে প্ৰিন্স উইলিয়ামে ২০১৬ চনত কাজিৰঙা ভ্ৰমণলৈ অহাৰ কথাও উল্লেখ কৰিছে।

‘কাজিৰঙাৰ শেহতীয়া বান পৰিস্থিতিৰ কথা জানিব পাৰি কাথেৰীণ আৰু মই মৰ্মাহত হৈছো। ২০১৬ চনত আমি কাজিৰঙাত বহু সুন্দৰ সময় পাৰ কৰাৰ সুবিধা পাইছিলো। বৰ্তমান আমি কাজিৰঙাত হোৱা বানপানী আৰু বানৰ ফলত এশিঙীয়া গঁড়ৰ লগতে শ শ বন্যপ্ৰাণী মৃত্যু মুখত পৰিবলগীয়া হোৱা খবৰ লাভ কৰি বৰ দুখ পাইছো।



আমি জানো যে, কাজিৰঙাৰ বনকৰ্মী সকলে অত্যন্ত কষ্ট কৰে। সকলোৱে এতিয়া বহু কষ্টকৰ সময় অতিবাহিত কৰিছে। কাথেৰীণ আৰু মই অনুভৱ কৰিব পাৰো, কিদৰে তেওঁলোকে নিজৰ জীৱন বিপদাপন্ন কৰি বন্য-প্ৰাণীক সুৰক্ষা প্ৰদান কৰে।

বানপানীয়ে এতিয়া অসমৰ বিভিন্ন প্ৰান্তত তাণ্ডৱ চলাইছে। কোৰোণা মহামাৰীৰ মাজতে বানপানীৰ কবলত পৰি যিসকলে প্ৰাণ হেৰুৱাইছে, সকলোলৈকে আমি সমবেদনা জনাইছো।’

এনেদৰে টুইটাৰযোগে কাজিৰঙাৰ সঞ্চালকলৈ পত্ৰ লিখে প্ৰিন্স উইলিয়ামে। উইলিয়ামৰ টুইটৰ পিছতে ৰাজ্যৰ বন-পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবদ্যই ধন্যবাদ জ্ঞাপন কৰে।
Published by: Himangshu Bhuyan
First published: July 24, 2020, 3:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading