প্ৰিঞ্চ হেৰী আৰু মেগনে প্রথমবাৰৰ বাবে সন্তানক দেখুৱালে বিশ্ববাসীক, চাওক ভিডিঅ’

মেগন মাৰ্কেলে সোমবাৰে পুৱা এটা পুত্ৰ সন্তানক দিছিল জন্ম। তেতিয়া প্ৰিঞ্চ হেৰীয়ে প্ৰতিশ্ৰুতি দিছিল যে তেওঁ বুধবাৰে ব্ৰিটেইনৰ ৰাজকীয় পৰিয়ালৰ নতুন সদস্যক বিশ্ববাসীৰ মাজলৈ লৈ আহিব।

Dulu Medhi | News18-Assam
Updated:May 9, 2019, 12:30 PM IST
প্ৰিঞ্চ হেৰী আৰু মেগনে প্রথমবাৰৰ বাবে সন্তানক দেখুৱালে বিশ্ববাসীক, চাওক ভিডিঅ’
মেগন মাৰ্কেলে সোমবাৰে পুৱা এটা পুত্ৰ সন্তানক দিছিল জন্ম। তেতিয়া প্ৰিঞ্চ হেৰীয়ে প্ৰতিশ্ৰুতি দিছিল যে তেওঁ বুধবাৰে ব্ৰিটেইনৰ ৰাজকীয় পৰিয়ালৰ নতুন সদস্যক বিশ্ববাসীৰ মাজলৈ লৈ আহিব।
Dulu Medhi | News18-Assam
Updated: May 9, 2019, 12:30 PM IST
ব্ৰিটেনৰ ৰাজকুমাৰ হেৰী আৰু তেওঁৰ পত্নী মেগন মাৰ্কেল বুধবাৰে পুত্ৰ সন্তানক লগত লৈ মিডিয়াৰ সন্মুখলৈ আহিছিল আৰু বিশ্ববাসীয়ে ৰাজকীয় পৰিয়ালৰ কণমানি সন্তানক প্ৰথমবাৰলৈ প্ৰত্যক্ষ কৰিলে। মেগন মাৰ্কেলে সোমবাৰে পুৱা এটা পুত্ৰ সন্তানক দিছিল জন্ম। তেওঁলোকৰ সন্তান ব্ৰিটেইনৰ ৰাজ সিংহাসনৰ সপ্তম স্থানত আছে।

 



ৰাজকুমাৰ হেৰী আৰু মেগনৰ পুত্ৰক আৰ্চী হেৰিছন মাউণ্টবেটেন–উইণ্ডছৰ নামেৰে নামাকৰণ কৰা হ’ল। বুধবাৰে দম্পতীয়ে উইণ্ডছৰ কেছেলৰ ছেণ্ট জৰ্জ হলত সন্তানত কোলাত লৈ কেমেৰাৰ সন্মুখলৈ আহিছিল।

 




মাতৃ মেগনে ক’লে, তেওঁৰ পুত্ৰ বহুত মৰমলগা আৰু শান্ত স্বভাৱৰ হয়। মোৰ এটা সপোন দিঠকত পৰিণত হৈছে। মাতৃৰ ৰূপত তেওঁ নিজৰ প্ৰথম দিনটোৰ কথা ক’লে যে এয়া মোৰ কাৰণে যাদুৰ দৰে। মোৰ লগত পৃথিৱীৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ দুজন লোক আছে। মই বহুত সুখী। ৰাজকুমাৰ হেৰীয়ে ক’লে, মই বহুত সুখী অনুভৱ কৰিছো। সন্তানক ডাঙৰ–দীঘল কৰাটোৱেই সুন্দৰ অনুভৱ।

দুয়োয়ে নিজ সন্তানক উইণ্ডছৰ কেছেলৰ ছেণ্ট জৰ্জ হলত প্ৰথমবাৰৰ বাবে বিশ্ববাসীৰ সন্মুখলৈ লৈ আহিছিল। এই স্থানতেই ৰাজকুমাৰ হেৰী আৰু মেগনে বিয়াৰ ৰিচিপছনদিছিল। কণমানিৰাজকুমাৰক বগা কাপোৰেৰে মেৰিয়াই পিতৃ হেৰীয়ে কোলাত লৈ আছিল আৰু কণমানিটিৰ মূৰত এটা বগা ৰঙৰ টুপীও আছিল।

 


আৰু চাওক পৰৱৰ্তী বাতৰি