কোলাত কেঁচুৱা লৈয়ে কাষ চাপিছিল জনতাৰ, বিপুল সমৰ্থনেৰে দ্বিতীয়বাৰলৈ নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত জেছিন্দা আৰদেন

News18 Assam | News18-Assam
Updated:October 18, 2020, 4:03 PM IST
কোলাত কেঁচুৱা লৈয়ে কাষ চাপিছিল জনতাৰ, বিপুল সমৰ্থনেৰে দ্বিতীয়বাৰলৈ নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত জেছিন্দা আৰদেন
শনিবাৰে দ্বিতীয়বাৰৰ বাবে নিউজীলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ’ল জেছিন্দা আৰদেন।

শনিবাৰে দ্বিতীয়বাৰৰ বাবে নিউজীলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ’ল জেছিন্দা আৰদেন।

  • Share this:
শনিবাৰে দ্বিতীয়বাৰৰ বাবে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ’ল জেছিন্দা আৰদেন। ৪০ বছৰীয়া জেছিন্দাৰ লিবাৰেল লেবাৰ পাৰ্টীয়ে সৰ্বমুঠ ৪৯ শতাংশ ভোট লাভ কৰি শেষ হাঁহি মাৰে। আনহাতে প্ৰতিদ্বন্দী কণজাবেটিভ নেচনেল পাৰ্টীয়ে মাত্ৰ ৩৭ শতাংশ ভোট লাভ কৰে।



কোৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ লোৱা উদ্যোগে জনপ্ৰিয় কৰি তুলিছিল জেছিন্দাকঃ

কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ বিশেষ পদক্ষেপ হাতত লৈছিল জেছিন্দা আৰদেনে। যাৰ ফলত নেত্ৰীগৰাকী অধিক জনপ্ৰিয় হৈ পৰিছিল জনতাৰ মাজত। ৫০ লাখৰ মুঠ জনসংখ্যাৰ দেশখনক কোৰোণাৰ পৰা মুক্ত কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্মুখৰ দিয়া নেতৃত্বই জয়ত বিশেষ ভাবে অৰিহণা আগবঢ়ায়।

প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিছিল জেছিন্দাই। ২০১৭ চনত এটি সন্তান জন্ম দিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু ইমান খিনি দায়িত্বৰ মাজত তেওঁ যিদৰে মাতৃৰ দায়িত্ব পালন কৰিছিল, সেয়াও সমগ্ৰ বিশ্বৰ মাতৃসকলৰ বাবে অনুপ্ৰেৰণাৰ উত্‍স হৈ পৰিছিল।
Published by: Himangshu Bhuyan
First published: October 18, 2020, 4:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading