‘আমি যুদ্ধ নহয় বুদ্ধ দিছো’– ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্ববাসীক একত্ৰিত হোৱাৰ আহ্বান মোদীৰ

News18-Assam
Updated:September 27, 2019, 9:38 PM IST
‘আমি যুদ্ধ নহয় বুদ্ধ দিছো’– ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্ববাসীক একত্ৰিত হোৱাৰ আহ্বান মোদীৰ
News18-Assam
Updated: September 27, 2019, 9:38 PM IST
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদাত্ত ভাষণ। আমি যুদ্ধ নহয় বুদ্ধ দিছো বুলি মন্তব্য কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্ববাসীক একত্ৰিত হোৱাৰ আহ্বান মোদীৰ। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত মোদীয়ে উল্লেখ কৰে  যে, ‘ বৰ্তমান সমগ্ৰ বিশ্বৰ বাবে সন্ত্ৰাসবাদ সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান। মানবতাৰ বাবে সকলোতকৈ ডাঙৰ বিপদ!
গতিকে সমগ্ৰ বিশ্ব সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক হ’ব লাগে।’

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰধানমন্ত্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে,  UNক সম্বোধন কৰা গৰ্বৰ কথা! ভাৰতবৰ্ষত দুখীয়াক ৫লাখ টকালৈ বিনামূলীয়া চিকিৎসা, ৫বছৰত ৩৭কোটি বেংকৰ একাউণ্ট খোলা হৈছে। ৫বছৰত ১১কোটিতকৈ অধিক শৌচালয় নিৰ্মাণ কৰা হৈছে।’ লগতে  প্লাষ্টিক বৰ্জন সন্দৰ্ভত ভাষণত মন্তব্য। উন্নয়নৰ ক্ষেত্ৰতো মন্তব্য কৰে মোদীয়ে।

এনেদৰে সময়ে সময়ে নিজৰ চৰকাৰৰ গুণানুকীৰ্তন কৰাৰ লগতে আগন্তুক দিনত ভাৰতবৰ্ষই কি কি লক্ষ্য আগত ৰাখি আগবাঢ়িব সেই বিষয়েও মন্তব্য কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি