‘প্ৰধানমন্ত্ৰীয়ে নিগ্ৰহ কৰিছিল’, বিস্ফোৰক অভিযোগ সাংবাদিকৰ

সাংবাদিকগৰাকীৰ অভিযোগ নস্যাৎ কৰিছে ব্ৰিটিশ কেবিনেটে।

News18-Assam
Updated:October 1, 2019, 2:29 PM IST
‘প্ৰধানমন্ত্ৰীয়ে নিগ্ৰহ কৰিছিল’, বিস্ফোৰক অভিযোগ সাংবাদিকৰ
সাংকেতিক ছবি
News18-Assam
Updated: October 1, 2019, 2:29 PM IST
এইবাৰ সাংবাদিক নিগ্ৰহৰ অভিযোগ উঠিছে ব্ৰিটিশ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ বিৰুদ্ধে। কনজাৰভেটিভ পাৰ্টীৰ বাৰ্ষিক সন্মিলনত এই অভিযোগ উত্থাপিত হৈছে। সাংবাদিকগৰাকীয়ে প্ৰকাশ কৰা মতে, ১৯৯৯চনত হাই আপ নামৰ মেগাজিন খন মুকলি কৰাৰ সময়ত তেওঁক নিগ্ৰহ কৰিছিল ব্ৰিটিশ প্ৰধানমন্ত্ৰীগৰাকীয়ে। অৱশ্যে এই অভিযোগ নস্যাৎ কৰিছে ব্ৰিটিশ কেবিনেটে।

কেৱল নিগ্ৰহৰ অভিযোগেই নহয়, লণ্ডনৰ মেয়ৰ হৈ থাকোতে নিজৰ বন্ধু মাৰ্কিন ব্যৱসায়ী জেনিফাৰ আককুৰিক বিশেষ সুবিধা প্ৰদানৰো অভিযোগ উঠিছে বৰিছ জনছনৰ বিৰুদ্ধে। ব্ৰিটিশ সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি আৰকুৰিৰ সৈতে তেওঁৰ সম্পৰ্কৰ কাৰণে ৰাজকোষৰ হাজাৰ হাজাৰ পাউণ্ডৰ অনিয়ম সংঘটিত হৈছে।

উল্লেখযোগ্য যে বিগত সপ্তাহত  #MeToo আন্দোলনৰ দ্বিতীয় বৰ্ষপূৰ্তি আছিল৷ সেই দিনাই চানডে টাইমছ পত্রিকাযত নিজৰ ভয়াৱহ অভিজ্ঞতাৰ কথা জনাইছিলে স্তম্ভ লেখক চাৰ্ল এডৱাৰ্ডে।
আৰু চাওক পৰৱৰ্তী বাতৰি