আফগানিস্তানত তালিবান শাসনলৈ অহাৰ লগে লগে ভাৰতৰ ড্ৰাই ফ্ৰুইটছৰ জগতখনলৈ অশনি সংকট নামি আহিব পাৰে। এইক্ষেত্ৰত হায়দৰাবাদী বিৰিয়ানীও হ'ব পাৰে যথেষ্ট খৰচী। শুকান ফল আৰু বিভিন্ন ধৰণৰ মচলাৰে প্ৰস্তুত কৰা বাবে বিখ্যাত হায়দৰাবাদী বিৰিয়ানী অতি সোনকালেই অধিক ব্যয়বহুল হ'ব পাৰে।
তালিবানে পাকিস্তানৰ মাজেৰে পৰিবহণ কৰা কাৰ্গোৰ চলাচল বন্ধ কৰি দিছে বুলি জানিব পৰা গৈছে। ইয়াৰ ফলত ভাৰতত বিক্ৰী হোৱা শুকান ফলৰ মূল্যবৃদ্ধি পাইছে। ভাৰতে ৮৫ শতাংশ শুকান ফল যুদ্ধবিধ্বস্ত দেশখনৰ পৰা আমদানি কৰে। এতিয়া সকলো পথ ৰুদ্ধ হ'লে দেশত স্বাভাৱিকতে শুকান ফল তথা মচলাৰ মূল্যবৃদ্ধি হোৱাটো অনিবাৰ্য।
ইয়াৰ পূৰ্বে ফেডাৰেচন অৱ ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেচনে (FIEO) আফগানিস্তানৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে অনাগত দিনবোৰত শুকান ফলৰ মূল্যক লৈ শংকা প্ৰকাশ কৰিছিল। "আমি আফগানিস্তানৰ উন্নয়নৰ ওপৰত নজৰ ৰাখিছো। তাৰ পৰা আমদানি কৰা সামগ্ৰী পাকিস্তানৰ পৰিবহণ পথেৰে আহে। এই মুহূৰ্তত তালিবানে পাকিস্তানলৈ কাৰ্গোৰ চলাচল বন্ধ কৰি দিছে, সেয়েহে আমদানি প্ৰায় বন্ধ হৈ গৈছে।" ফেডাৰেচন অৱ ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেচনৰ সঞ্চালকপ্ৰধান ড০ অজয় চাহাই সংবাদ মাধ্যমক এইদৰে জানিবলৈ দিয়ে।
তেওঁ পুনৰ কয়, "যদি বাণিজ্য পুনৰ আৰম্ভ নহয়, তেন্তে বৰ্তমানৰ শুকান ফলৰ ষ্টকৰ মূল্যবৃদ্ধি হ'ব আৰু ব্যৱসায়ীসকলে যোগানৰ বিকল্প উৎসও বিচাৰিব লাগিব।"
ইতিমধ্যে দেশৰ কোনো কোনো অংশত ড্ৰাই ফ্ৰুইটছৰ বা শুকান ফলৰ মূল্যবৃদ্ধি হোৱা দেখা গৈছে। ইফালে, জম্মুৰ ব্যৱসায়ীসকলে কয় যে শুকান ফলৰ মূল্য বৃদ্ধিৰ ফলত তেওঁলোকে যথেষ্ট বিত্তীয় লোকচানৰ সন্মুখীন হৈছে। জম্মু ড্ৰাই ফ্ৰুইটছ ৰিটেইল ট্ৰেডাৰ্ছ এছ'চিয়েচনৰ সভাপতি জ্যোতি গুপ্তাই কয় যে যদি আফগানিস্তানত অনিশ্চয়তা অব্যাহত থাকে, তেন্তে শুকান ফলৰ মূল্য আৰু বৃদ্ধি পাব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|