সন্ত্ৰাসবাদীয়ে নৰসংহাৰ চলোৱা শ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা

মাজনিশাৰ পৰা দেশখনত বলৱত্‍ হ’ব জৰুৰী অৱস্থা, ঘোষণা ৰাষ্ট্ৰপতিৰ

news18assam
Updated:April 22, 2019, 6:18 PM IST
সন্ত্ৰাসবাদীয়ে নৰসংহাৰ চলোৱা শ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা
Sri Lankan security forces
news18assam
Updated: April 22, 2019, 6:18 PM IST
মাজনিশাৰ পৰা শ্ৰীলংকাত বলৱত্‍ হ’ব জৰুৰী অৱস্থা। সন্ত্ৰাসবাদীৰ নৰসংহাৰৰ পিছতে এই ঘোষণা কৰিছে দেশখনৰ ৰাষ্ট্ৰপতিয়ে।

সন্ত্ৰাসবাদীৰ ধাৰাবাহিক বিস্ফোৰণত নিহত হৈছিল ২৯০জন লোক। দেওবাৰে ইষ্টাৰৰ দিনাই আঠটা ভয়ংকৰ বিস্ফোৰণে শ্ৰীলংকাৰ ৰাজধানীসহ সমগ্ৰ দেশ কঁপাই গৈছিল দেশখন। ২৯০জন লোকৰ মৃত্যু আৰু ৫০০জন লোক আহত হোৱাৰ পিছত দেশখনত অহা ১০ দিনলৈ জাৰি কৰা হৈছে হাই এলাৰ্ট। এটা পৱিত্ৰ ধৰ্মীয় দিনত তিনিটাকৈ গিৰ্জা আৰু তিনিখন সম্ভ্ৰান্ত হোটেলত ওচৰা–ওচৰিকৈ সংঘটিত হৈছিল কূটাঘাত। ২০০৯ চনৰ পিছত প্ৰথমবাৰ দ্বীপ ৰাষ্ট্ৰখনে সন্ত্ৰাসবাদৰ এই ভয়ংকৰ জিঘাংসাৰ সন্মুখীন হ’ল।
আৰু চাওক পৰৱৰ্তী বাতৰি