• Home
  • »
  • News
  • »
  • world
  • »
  • চীনৰ প্ৰতিটো পদক্ষেপক এনেদৰে বিফল কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই! প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ সৈতে বাইডেনৰ ডাঙৰ পৰিকল্পনা, সকলো জানো আহক

চীনৰ প্ৰতিটো পদক্ষেপক এনেদৰে বিফল কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই! প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ সৈতে বাইডেনৰ ডাঙৰ পৰিকল্পনা, সকলো জানো আহক

চীনৰ প্ৰশান্ত মহাসাগৰীয় ঠাইসমূহত দ্ৰুত গতিত বৃদ্ধি পোৱা প্ৰভাৱক শেষ কৰাৰ আমেৰিকাৰ এটা প্ৰয়াস।

চীনৰ প্ৰশান্ত মহাসাগৰীয় ঠাইসমূহত দ্ৰুত গতিত বৃদ্ধি পোৱা প্ৰভাৱক শেষ কৰাৰ আমেৰিকাৰ এটা প্ৰয়াস।

চীনৰ প্ৰশান্ত মহাসাগৰীয় ঠাইসমূহত দ্ৰুত গতিত বৃদ্ধি পোৱা প্ৰভাৱক শেষ কৰাৰ আমেৰিকাৰ এটা প্ৰয়াস।

  • Share this:
পেচিফিক আইলেণ্ড (প্ৰশান্ত মহাসাগৰীয় দ্বীপ) দেশসমূহত চীনৰ বৰ্ধিত প্ৰভাৱ শেষ কৰিবলৈ আমেৰিকাই চলিত মাহৰ অন্তিম ভাগত এই দেশসমূহৰ নেতাসকলৰ এক শিখৰ সন্মিলন ৱাশ্বিংটনত আয়োজন কৰাৰ সিদ্ধান্ত কৰে। ৱাইট হাউচে কয় যে ৰাষ্ট্ৰপতি জ’ বাইডেনে প্ৰশান্ত দ্বীপৰ ৰাষ্ট্ৰৰ নেতাসকলৰে ২৮–২৯ ছেপ্তেম্বৰত ৱাশ্বিংটনত সভা আয়োজন কৰিব। ই চীনৰ প্ৰশান্ত মহাসাগৰীয় ঠাইসমূহত দ্ৰুত গতিত বৃদ্ধি পোৱা প্ৰভাৱক শেষ কৰাৰ আমেৰিকাৰ এটা প্ৰয়াস।

সংবাদ সংস্থা ৰইটাৰ্চৰ এক খবৰ অনুসৰি ৱাইট হাউচে কয় যে শিখৰ সন্মিলন পেচিফিকৰ দ্বীপ ৰাষ্ট্ৰসমূহৰ লগত জলবায়ু পৰিৱৰ্তন, মহামাৰীত প্ৰতিক্ৰিয়া, আৰ্থিক শুধৰণি, সমুদ্ৰ সুৰক্ষা, পৰিৱেশ সংৰক্ষণ আৰু এক স্বতন্ত্ৰ আৰু মুকলি হিন্দ প্ৰশান্তক আগলৈয়ো বৰ্তাই ৰখাৰ দৰে বিষয়ৰ ওপৰত আমেৰিকাৰ সহযোগক ব্যাপক আৰু গভীৰ কৰাৰ দিশত চেষ্টাক আগলৈ বৃদ্ধি কৰিব। জ' বাইডেন প্ৰশাসনৰ এজন বিষয়াই কয় যে, হোৱাইট হাউচে চলোমন দ্বীপপুঞ্জকে ধৰি ১২ খন প্ৰশান্ত মহাসাগৰীয় দেশক আমন্ত্ৰণ জনাইছে। চলোমন দ্বীপপুঞ্জে এপ্ৰিলত চীনৰ সৈতে এক নিৰাপত্তা চুক্তি স্বাক্ষৰ কৰিছিল যাৰ ফলত বেইজিংৰ বৰ্ধিত প্ৰভাৱৰ বিষয়ে ৱাশ্বিংটনৰ উদ্বেগ বৃদ্ধি পায়।

উল্লেখযোগ্য যে, চলোমন দ্বীপপুঞ্জে ২০১৯ চনত টাইৱান সমস্যাৰ পক্ষ সলনি কৰিছিল। ইয়াৰ পিছত, ই কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত চীন আৰু আমেৰিকাৰ মাজত প্ৰতিযোগিতা বৃদ্ধিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। জানিব পৰা মতে, আমেৰিকাই মাইক্ৰনেচিয়া, কিৰিবাটি, পাপুয়া নিউ গিনি, ভানুৱাটু, চামোৱা, টংগা আৰু ফিজিৰ লগতে মাৰ্শ্বেল দ্বীপপুঞ্জ, নাউৰু, পালাউ আৰু টুভালুকো উক্ত সন্মিলনত আমন্ত্ৰণ জনাইছে। টাইৱানে ইয়াক নিজৰ ১৪ টা কূটনৈতিক মিত্ৰশক্তিৰ ভিতৰত গণনা কৰে।

অৱশ্যে, হোৱাইট হাউচে কোনবোৰ দেশে সন্মিলনত উপস্থিত থাকিবলৈ সন্মত হৈছে সেই বিষয়ে জনোৱা নাই। আগষ্ট মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-সচিব ৱেণ্ডি শ্বেৰমেনে অঞ্চলটো পৰিদৰ্শন কৰে। সেই ভ্ৰমণকালত চলোমন দ্বীপপুঞ্জৰ প্ৰধানমন্ত্ৰী মানছেহ চোগাৱেৰে দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিত আয়োজিত এক অনুষ্ঠান ভাগ লৈছিল। আমেৰিকাই জ' বাইডেনৰ কাৰ্যকালত প্ৰশান্ত মহাসাগৰৰ দ্বীপ ৰাষ্ট্ৰসমূহৰ সৈতে ইয়াৰ সম্পৰ্ক বৃদ্ধি কৰিছে। আমেৰিকাই চলোমন দ্বীপপুঞ্জ, কিৰিবাটি আৰু টংগাত দূতাবাস খোলাৰ পৰিকল্পনাৰ কথাও ঘোষণা কৰে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি