
১১ সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে ব্ৰাজিললৈ গৈছে প্ৰধানমন্ত্ৰী মোদী।
১১ সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে ব্ৰাজিললৈ গৈছে প্ৰধানমন্ত্ৰী মোদী।
ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জায়ৰ বোলছোনাৰো হ’ব ভাৰতৰ ২০২০ চনৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ মুখ্য অতিথি। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে এই কথা। ১১ সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে ব্ৰাজিললৈ গৈছে প্ৰধানমন্ত্ৰী মোদী। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি বোলছোনাৰোক সাক্ষাৎ কৰে মোদীয়ে। দুয়োগৰাকী নেতাৰ মাজত দ্বিপাক্ষিক সম্বন্ধ সুদৃঢ় কৰাক লৈ আলোচনা হয়। প্রধানমন্ত্ৰী মোদীয়ে এই সাক্ষাতৰ সময়তে বোলছোনাৰোক ২০২০ চনৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়। ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে আনন্দেৰে মোদীৰ এই আমন্ত্ৰণ স্বীকাৰ কৰে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|