TiK ToK নিষিদ্ধৰ আদেশ প্ৰত্যাহাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ, পূৰ্বে ড'নাল্ড ট্ৰাম্পে কৰিছিল নিষিদ্ধ

News18 Assam | News18-Assam
Updated:June 10, 2021, 5:37 PM IST
TiK ToK নিষিদ্ধৰ আদেশ প্ৰত্যাহাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ, পূৰ্বে ড'নাল্ড ট্ৰাম্পে কৰিছিল নিষিদ্ধ
আমেৰিকাত প্ৰতি মাহে প্ৰায় ৮ কোটি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকে এই এপটো ব্যৱহাৰ কৰিছিল।

আমেৰিকাত প্ৰতি মাহে প্ৰায় ৮ কোটি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকে এই এপটো ব্যৱহাৰ কৰিছিল।

  • Share this:

আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰ চলিব পাৰে টিকটক। চীনা প্ৰযুক্তি প্ৰতিষ্ঠান বাইটডান্স মালিকানাধীন ভিডিঅ' শ্বেয়াৰিং এপ টিকটক আৰু চীনৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম উই–চাটৰ ওপৰত ড'নাল্ড ট্ৰাম্পৰ দিনত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে জো বাইডেনে। কালি বুধবাৰে বাইডেন চৰকাৰে এই সিদ্ধান্ত লয়। জো বাইডেনে এক কাৰ্যবাহী আদেশৰ জৰিয়তে ট্ৰাম্পৰ সিদ্ধান্ত নাকচ কৰে।


বাইডেনে কালি কেইবাটাও কাৰ্যবাহী আদেশৰ মাজেৰে ট্ৰাম্পৰ দিনৰ কিছু নীতি–নিয়ম প্ৰত্যাহাৰ কৰিছিল। ইয়াৰ ভিতৰত আছিল এই দুটা এপ নিষিদ্ধ কৰাৰ আদেশো।


উল্লেখ্য, টিকটক আৰু উই–চাট নিষিদ্ধ কৰাৰ বাবে ট্ৰাম্পে দিয়া আদেশৰ পিছত কেইবাটাও আইনী বাধাৰ সন্মুখীন হৈছিল চৰকাৰ। ফলস্বৰূপে নিষেধাজ্ঞাৰ সিদ্ধান্তৰ পৰা আঁতৰি আহিছিল জো বাইডেন। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্য বিভাগে এতিয়া দুয়োটা এপ পৰীক্ষা কৰিব। বিভাগটোৱে এপ দুটাই দেশখনৰ সুৰক্ষা ব্যৱস্থাক প্ৰভাৱিত কৰিব নেকি তাক চালি–জাৰি চাব। এই সন্দৰ্ভত বাইডেনে কয় যে নথিপত্ৰৰ আধাৰত সিদ্ধান্ত লোৱা হ'ব, সেয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ভাবুকি হয় নে নহয়। অৱশ্যে বাইডেনে এইটোও স্বীকাৰ কৰিছিল যে এই এপবোৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছিল।



আনহাতে বাইডেনৰ সিদ্ধান্তৰ পিছত চীনৰ বাণিজ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ গাও ফেঙে কয়– ''চীনে লক্ষ্য কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰক এনে এপসমূহৰ ক্ষেত্ৰত এক নতুন নিৰাপত্তা পৰ্যালোচনাৰ প্ৰয়োজন আৰু আশা কৰে যে আমেৰিকা যুক্তৰাষ্ট্ৰই চীনা কোম্পানীবোৰৰ সৈতে নিৰপেক্ষ আচৰণ কৰিব আৰু অৰ্থনৈতিক আৰু বাণিজ্যিক বিষয়বোৰক লৈ ৰাজনীতি কৰা পৰিহাৰ কৰিব।"


এতিয়া বাইডেন প্ৰশাসনে বিভিন্ন দিশ চালি–জাৰি চোৱাৰ পিছত পুনৰ দেশখনত টিকটিক–উইচাটৰ পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। আমেৰিকাত প্ৰতি মাহে প্ৰায় ৮ কোটি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকে এই এপটো ব্যৱহাৰ কৰিছিল।

Published by: Gautam Barman
First published: June 10, 2021, 5:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি