এগৰাকী গৰ্ভৱতী! নিয়মিত ভাবে চলিছে মেডিকেল চেক-আপ। কিন্তু ইউনাইটেড কিংডমৰ ১৮ বছৰীয়া নিকোলে কোনো দিন শাৰীৰিক সম্পৰ্ক স্থাপন কৰা নাই। এই কথা কোৱাৰ পিছৰে পৰা বহুতে তেওঁৰ ওপৰত তাচ্ছিল্যসূচক মন্তব্য কৰিছে।
সংবাদ মাধ্যমত বিষয়টোৱে চৰ্চা লাভ কৰাৰ পিছতে এতিয়া মুখ খুলিছে নিকোলে। বিশদ ভাবে জনাইছে যে, এই ঘটনা তেওঁৰ জীৱনতকিদৰে ঘটিলে?
নিকোলে জনাইছে যে, তেওঁ এক বিৰল শাৰীৰিক সমস্যাৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজি আছে। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক কোৱা হয় 'Vaginismus'। এই সমস্যা থাকিলে মহিলাৰ যৌনাংগৰ পেশী ইমানেই শক্তিশালী হয় যে, আভ্যন্তৰীণ ভাগত একো বস্তুৱেই সোমাব নোৱাৰে। নিকোলে জনাইছে যে, তেওঁ বহুবাৰ নিজৰ বয়ফ্ৰেণ্ডৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছে। কিন্তু প্ৰতিবাৰেই এই শাৰীৰিক সমস্যাৰ বাবে বিফল হৈছে।