মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »ৰাজপথত আঠ মাহৰ গৰ্ভৱতীক ছুৰীকাঘাতেৰে হত্যা, ঘটনাস্থলীতে প্ৰসৱ সন্তান

ৰাজপথত আঠ মাহৰ গৰ্ভৱতীক ছুৰীকাঘাতেৰে হত্যা, ঘটনাস্থলীতে প্ৰসৱ সন্তান

ফটো উৎসঃইণ্টাৰনেট

লণ্ডনৰ ৰাজপথত ভয়ংকৰ অপৰাধৰ ঘটনাই জোকাৰিছে বিশ্ব।

  • News18
  • Last Updated :
  • Share this:
    ৰাজপথৰ মাজত এক ভয়ংকৰ ঘটনা। আঠ মাহৰ এগৰাকী গৰ্ভৱতী মহিলাক ৰাজপথৰ মাজত সকলোৰে সন্মুখত ছুৰীকাঘাত দু্ৰ্বৃত্তৰ। এই ঘটনা সংঘটতি হৈছে লণ্ডনৰ ৰাজপথত। ছুৰীকাঘাতত ঠাইতে ঢলি পৰে মহিলাগৰাকী। লগে লগে সন্তান প্ৰসৱ কৰে বিষত জৰ্জৰ মহিলাগৰাকীয়ে। কেলি মেৰী নামৰ ২৬বছৰীয়া মহিলাগৰাকীক  কি কাৰণে আক্ৰমণ কৰা হ’ল সেইকথা এইপৰ্যন্ত জানিব পৰা হোৱা নাই। সন্তান জন্ম দিয়াৰ খন্তেক পিছতে মহিলাগৰাকীৰ মৃত্যু হয়। নৱজাতক সন্তানটিক হাস্পতাললৈ নিয়া হয় যদিও শিশুটিৰ অৱস্থা সংকটজনক। এই ঘটনাৰ সৈতে জৰিত দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

    শেহতীয়া বাতৰি