বিশ্বকাপত অব্যাহত আছে ভাৰতৰ জয়যাত্ৰা। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চমকপ্ৰদ জয়লাভ কৰাৰ পিছত ভাৰতৰ দলৰ বাবে আহিছে এটা বেয়া খবৰ। দলৰ অভিজ্ঞ অপেনাৰ শিখৰ ধৱন গুৰুতৰ ভাৱে আগাতপ্ৰাপ্ত হৈছে। ফলত এতিয়া শিখৰ ধৱনৰ স্থান লবলৈ ইংলেণ্ডলৈ ৰাওনা হ’ব পাৰে দিল্লীৰ বেটচমেন ঋষভ পণ্ট। পৰৱৰ্তী খেলত ভাগ লব নোৱাৰিলেও ইংলেণ্ডতে বিচিচিআইৰ মেডিকেল টিমৰ তত্বাৱধানত থাকিব শিখৰ ধৱন ।
সুত্ৰ অনুসৰি বিচিচিআইৰ তৰফৰ পৰা ঋষভ পণ্টক ইংলেণ্ড যাবলৈ সাজু হৈ থাকিবলৈ কোৱা হৈছে। কিন্তু এতিয়ালৈকে এই সম্পৰ্কে বিচিচিআইয়ে কোনো ধৰণৰ পত্ৰ প্ৰেৰণ কৰা নাই পণ্টলৈ। দুইৰ পৰা তিনি সপ্তাহৰ ভিতৰত ধৱন সুস্থ হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে বিচিচিআইয়ে।
২০১৯ বৰ্ষৰ আই পি এলত দিল্লী কেপিটেলচৰ হৈ খেলি ঋষভে সকলোকে প্ৰভাৱিত কৰিছিল। যদিও ১৫ এপ্ৰিলত ঘোষণা কৰা বিশ্বকাপৰ দলত ৰীষভে স্থান লাভ কৰা নাছিল তথাপিও এতিয়া ধৱনৰ আঘাতে বিশ্বকাপত ভাৰতৰ দলত স্থাল লাভ কৰাৰ সম্ভাৱনা উজলাই তুলিছে ঋষভ পণ্টৰ।
Published by: Dulu Medhi
FIRST PUBLISHED : June 12, 2019, 11:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।