মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »পৰ্টুগালৰ এজন ব্যক্তিৰ ঘৰৰ পাছফালে উদ্ধাৰ ডাইনোচৰৰ বৃহৎ অৱশিষ্ট , ই বৰ্তমানলৈ ইউৰোপৰ আটাইতকৈ ডাঙৰ উদ্ধাৰ হিচাপে বিবেচিত

পৰ্টুগালৰ এজন ব্যক্তিৰ ঘৰৰ পাছফালে উদ্ধাৰ ডাইনোচৰৰ বৃহৎ অৱশিষ্ট , ই বৰ্তমানলৈ ইউৰোপৰ আটাইতকৈ ডাঙৰ উদ্ধাৰ হিচাপে বিবেচিত

পৰ্টুগালত এজন ব্যক্তিৰ ঘৰৰ পাছফালে উদ্ধাৰ হোৱা ডাইনোচৰৰ অৱশিষ্ট অংশ বৰ্তমানলৈ ইউৰোপৰ আটাইতকৈ ডাঙৰ উদ্ধাৰ হিচাপে পৰিগণিত হৈছে।

পৰ্টুগালত এজন ব্যক্তিৰ ঘৰৰ পাছফালে উদ্ধাৰ হোৱা ডাইনোচৰৰ অৱশিষ্ট অংশ বৰ্তমানলৈ ইউৰোপৰ আটাইতকৈ ডাঙৰ উদ্ধাৰ হিচাপে পৰিগণিত হৈছে।

পৰ্টুগালত এজন ব্যক্তিৰ ঘৰৰ পাছফালে উদ্ধাৰ হোৱা ডাইনোচৰৰ অৱশিষ্ট অংশ বৰ্তমানলৈ ইউৰোপৰ আটাইতকৈ ডাঙৰ উদ্ধাৰ হিচাপে পৰিগণিত হৈছে।

  • Share this:
পৰ্টুগালত এজন ব্যক্তিৰ ঘৰৰ পাছফালে উদ্ধাৰ হোৱা ডাইনোচৰৰ অৱশিষ্ট অংশ বৰ্তমানলৈ ইউৰোপৰ আটাইতকৈ ডাঙৰ উদ্ধাৰ হিচাপে পৰিগণিত হৈছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিবিচিৰ মতে, ২০১৭ চনৰ পমবালৰ মুখ্য চহৰত এজন মানুহৰ ঘৰৰ পাছফালে ডাইনোচৰৰ কংকাল উদ্ধাৰ হৈছিল যেতিয়া তেওঁ নিজৰ ঘৰ সাজিবলৈ কাম আৰম্ভ কৰিবলৈ লৈছিল তেতিয়া তেওঁ জীৱাশ্মযুক্ত হাড়ৰ টুকুৰা কিছুমান লক্ষ্য কৰিছিল।

ইয়াৰ পাছত স্পেনিছ আৰু পৰ্তুগীজ জীৱবিজ্ঞানীসকলে চলিত বছৰৰ আগষ্টত সেই ঠাই খনন আৰম্ভ কৰিছিল। তেওঁলোকে বিশ্বাস কৰে যে উদ্ধাৰ হোৱা জীৱাশ্মযুক্ত কংকালটো এটা চাৰোপডৰ, যি চাৰিটা ভৰি থকা তৃণভোজী প্ৰাণী আছিল যাৰ দীঘল ডিঙি আৰু নেজ আছিল।

চাৰোপডবোৰ ডাইনোচৰৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু বৰ্তমানলৈকে বাস কৰা প্ৰাণীৰ ভিতৰত আটাইতকৈ ডাঙৰ ভূমি প্ৰাণী আছিল। বিশেষজ্ঞসকলে জনাই যে, চাৰোপডবোৰ প্ৰায় ১৫০ নিযুত বছৰ আগৰ উৰ্ধ জুৰাচিক যুগত বাস কৰিছিল।

জীৱবিজ্ঞানীসকলে ডাইনোচৰৰ মেৰুদণ্ড আৰু কামিহাঁড়ৰ কিছু অংশ উদ্ধাৰ কৰিছিল যিয়ে সূচায় যে বিশাল সৰীসৃপটো প্ৰায় ১২ মিটাৰ (৩৯ ফুট) ওখ আৰু২৫ মিটাৰ (৮২ ফুট) দীঘল আছিল।

লিছবন বিশ্ববিদ্যালয়ৰ বিজ্ঞান অনুষদৰ পোষ্ট-ডক্টৰেল গৱেষক এলিচাবেট মালাফায়াই অনলাইন বিজ্ঞান, গৱেষণা আৰু টেকনলজি বিষয়ক সংবাদ প্ৰচাৰ মাধ্যম Phys.orgত কৈছিল যে এনেধৰণৰ জন্তুৰ সকলো কামিহাঁড় তেওঁলোকৰ মূল শাৰীৰিক স্থিতি বজাই ৰাখি এটা স্থিতিত থকাটো বিচাৰি পোৱাটো সচৰাচৰ নহয়।



পৰ্তুগীজৰ উজনিৰ জুৰাচিকৰ পৰা জীৱাশ্ম, বিশেষকৈ চাৰোপডৰ এই সংৰক্ষণ পদ্ধতি ডাইনোচৰৰ ৰেকৰ্ডত তুলনামূলকভাৱে অস্বাভাৱিক বুলি এলিচাবেট মালাফায়াই কয়।

চাৰোপডৰ কংকালটো যেনে প্ৰাকৃতিক অৱস্থানত উদ্ধাৰ হৈছে, ইয়াৰ খননৰ ওপৰত কাম কৰা গৱেষকসকলে আশাবাদী যে ইয়াৰ অধিক অংশ আছে যিবোৰ তেওঁলোকে এতিয়াও উদ্ধাৰ কৰিব পৰা নাই। জানিব পৰা মতে, কংকালটো এতিয়া এটা আন্তৰ্জাতিক গৱেষণা দলৰ দ্বাৰা অধ্যয়ন কৰা হৈছে।

শেহতীয়া বাতৰি