মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»Porn Video shoot in space: মহাকাশত বনাব পৰ্ন ফিল্ম, স্পেচ এক্সৰ ৰকেটত মহাকাশ যাত্ৰাৰ পৰিকল্পনা নায়িকাৰ

Porn Video shoot in space: মহাকাশত বনাব পৰ্ন ফিল্ম, স্পেচ এক্সৰ ৰকেটত মহাকাশ যাত্ৰাৰ পৰিকল্পনা নায়িকাৰ

News18 Assam | News18-Assam
Updated:September 26, 2021, 10:54 PM IST
Porn Video shoot in space: মহাকাশত বনাব পৰ্ন ফিল্ম, স্পেচ এক্সৰ ৰকেটত মহাকাশ যাত্ৰাৰ পৰিকল্পনা নায়িকাৰ
কোম্পানীটোৱে এডাল্ট ফিল্মৰ অভিনেত্ৰী লেক্সি লুনাক ৰকেটৰ দ্বাৰা মহাকাশলৈ প্ৰেৰণ কৰাৰ প্ৰক্ৰিয়াত আছে

কোম্পানীটোৱে এডাল্ট ফিল্মৰ অভিনেত্ৰী লেক্সি লুনাক ৰকেটৰ দ্বাৰা মহাকাশলৈ প্ৰেৰণ কৰাৰ প্ৰক্ৰিয়াত আছে

  • News18 Assam
  • Last Updated: September 26, 2021, 10:54 PM IST
  • Share this:

টেছলাৰ স্বত্বাধিকাৰী এলন মাস্কৰ নাম আহিছে এডাল্ট ফিল্ম ইণ্ডাষ্ট্ৰীৰ আঁত ধৰি। এই উদ্যোগৰ এটা কোম্পানীয়ে এলন মাস্কৰ ৰকেটত উঠি মহাকাশত পৰ্ন ফিল্ম শ্বুটিঙৰ বাবে প্ৰস্তুত হোৱা বুলি জানিব পৰা গৈছে। মহাকাশ অভিযানৰ ক্ষেত্ৰত স্পেচ এক্স কোম্পানীৰ দ্বাৰা মহাকাশ পৰ্যটনৰ পোষকতা কৰা এলন মাস্কৰ ৰকেট ব্যৱহাৰ কৰি আইনীভাৱে বৈধ প্ৰাপ্তবয়স্কৰ ছবি নির্মাণৰ চিন্তা–চৰ্চা কৰিছে।


নাফটী (Nafty) নামৰ এডাল্ট কনটেণ্ট ক্ৰিয়েটৰ কোম্পানীয়ে এই দিশত চিন্তা কৰিছে। কোম্পানীটোৱে এডাল্ট ফিল্মৰ অভিনেত্ৰী লেক্সি লুনাক ৰকেটৰ দ্বাৰা মহাকাশলৈ প্ৰেৰণ কৰাৰ প্ৰক্ৰিয়াত আছে, য'ত ভিডিঅ' দৃশ্যগ্ৰহণ কৰা হ'ব। এডাল্ট ফিল্মক অভিনৱত্ব তথা প্ৰসাৰ–প্ৰচাৰ দিয়াৰ বাবে এনে কাৰ্যত অংশ লোৱাৰ কথা ভাবিছে কোম্পানীটোৱে। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে, লেক্সি লুনাৰ সপোন আছিল মহাকাশলৈ যোৱাৰ৷


এনে কাৰণতে এই মিছনত অভিনেত্রীগৰাকীক বাছনি কৰা হৈছে। Nafty কোম্পানীয়ে এই সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ ইতিমধ্যে লেক্সিৰ টিকট পাবলৈ চেষ্টা আৰম্ভ কৰিছে, যাতে লেক্সি স্পেচ এক্সৰ পৰৱৰ্তী মহাকাশ কাৰ্যসূচীৰ জৰিয়তে মহাকাশলৈ যাব পাৰে।



নাফটীৰ মুখ্য কাৰ্যবাহী বিষয়া কেনোফিয়ে ব্ৰিটিছ সংবাদ সংস্থা ডেইলী ষ্টাৰক কয়, "এতিয়া সাধাৰণ মানুহেও মহাকাশলৈ যাবলৈ সক্ষম হৈছে। আমি সেই উপলক্ষে মহাকাশত ইতিহাস সৃষ্টি কৰিব বিচাৰোঁ। আৰু লেক্সি হৈছে আনফালে সঠিক বাছনি, কিয়নো তাই সদায় মহাকাশলৈ যোৱাৰ সপোন দেখিছিল।"


উল্লেখ্য, কেইদিনমান আগতে প্ৰকাশ পাইছিল যে ৰাছিয়াই মহাকাশত 'স্পেচ' চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ কৰি ইতিহাস সৃষ্টি কৰিবলৈ গৈ আছে। কিন্তু এইটো প্ৰথমবাৰৰ শুনা গৈছে যে মহাকাশত প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ নিৰ্মাণ কৰা হ'ব। কেৱল প্ৰশিক্ষিত মহাকাশচাৰী আৰু বিজ্ঞানীসকলে এতিয়ালৈকে মহাকাশলৈ যোৱাৰ সুযোগ পাইছিল। কিন্তু ধনী এলন মাস্কৰ উদ্যোগত সাধাৰণ মানুহেও মহাকাশ চুইছে। এইবাৰ, লেক্সি স্পেচ এক্সৰ জৰিয়তে মহাকাশলৈ যাব। এই কথা সৰ্বত্ৰ চৰ্চিত হৈছে।

Published by: Gautam Barman
First published: September 26, 2021, 10:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি