মাদক দ্ৰব্যৰ গোচৰত আটক হৈছে বাংলাদেশৰ অভিনেত্ৰী পৰীমণি (Pori Moni)। চলিছে মাৰাথন জেৰা। আৰু ইয়াৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ অভিযোগ। নাম সাঙোৰ খালে এজন চোৰাংচোৱা আৰক্ষী বিষয়াৰ। তদন্ত চলি থকাৰ মাজতে অভিনেত্ৰীগৰাকীৰ সৈতে বাৰ্তালাপ হৈছিল আৰক্ষী বিষয়াজনৰ। আৰু তাৰ পিছতে নিয়মিত কথা পাতোতে পাতোতে গঢ় লৈ উঠে প্ৰেমৰ সম্পৰ্ক।
বিগত ১৩ জুনত পৰী মণিয়ে অভিযোগ কৰে, তেওঁক ঢাকা বোট ক্লাবলৈ নি ধৰ্ষণৰ চেষ্টা কৰা হৈছে। সেই অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় ব্যৱসায়ী নাছিৰ উদ্দিন মাহমুদক। এই ঘটনাৰ তদন্তৰ সূত্ৰেই চোৰাংচোৱা আৰক্ষী বিষয়া গোলাম ছাকলায়েনৰ সৈতে পৰিচয় হয় পৰী মণিৰ। তাৰ পিছৰে পৰা নিয়মিত কথা–বাৰ্তা আৰম্ভ হয় দুয়োৰে মাজত। একেলগে গাড়ীত ঘুৰি ফুৰাও দেখা গৈছে দুয়োকে। পৰী মণিৰ ঘৰত যাতায়াত আছিল বিষয়াজনৰ। আটক হোৱাৰ পিছত এই সমস্ত তথ্য পৰী মণিয়ে নিজেই প্ৰকাশ কৰিছে। বাংলাদেশৰ এক সংবাদ মাধ্যমৰ জৰিয়তে জনা গৈছে এই তথ্য।
আৰক্ষী বিষয়া গোলাম ছাকলায়েন বিবাহিত হ’লেও, নিজকে অবিবাহিত বুলি পৰিচয় দিছিল পৰী মণিক। চিচিটিভি ফুটেজৰ পৰাও জনা গৈছে. বিগত ১ আগষ্টত অভিনেত্ৰীগৰাকীৰ ঘৰলৈ গৈছিল তেওঁ। আনহাতে, গোলামৰ ঘৰৰ চিচিটিভি ফুটেজত দেখা গৈছে পৰীমণিয়ে ১ আগষ্টত গোলামৰ ঘৰলৈ গৈছিল। আনকি গোলামে লিফ্টৰ পৰা নামি তেওঁক ৰিচিভো কৰিছিল।
অৱশ্যে আৰক্ষী বিষয়াজনে এই অভিযোগ অস্বীকাৰ কৰিছে। প্ৰেম আৰু বিয়াৰ কথাও তেওঁ অস্বীকাৰ কৰে। চিচিটিভি ফুটেজ সন্দৰ্ভত অৱশ্যে কোনো কথা ক’ব পৰা নাই। ইতিমধ্যে তেওঁক DMPৰ পাব্লিক অৰ্ডাৰ মেনেজমেণ্ট বিভাগলৈ বদলি কৰা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|