• Home
  • »
  • News
  • »
  • world
  • »
  • পঁইতা ভাত আৰু আলু পিটিকা ৰান্ধি Master Chef Australiaৰ ফাইনেল ৰাউণ্ডত প্ৰৱেশ; বিচাৰকে ক’লে শক্তিশালী ব্যঞ্জন।

পঁইতা ভাত আৰু আলু পিটিকা ৰান্ধি Master Chef Australiaৰ ফাইনেল ৰাউণ্ডত প্ৰৱেশ; বিচাৰকে ক’লে শক্তিশালী ব্যঞ্জন।

বিচাৰকে কয়, 'এইয়া অতি সাধাৰণ ভাৱে প্ৰস্তুত কৰা এক শক্তিশালী ব্যঞ্জন; তেলত ডুবাই ভজা মাছে ইয়াত সোণত সুৱগা চৰাইছে।' 

বিচাৰকে কয়, 'এইয়া অতি সাধাৰণ ভাৱে প্ৰস্তুত কৰা এক শক্তিশালী ব্যঞ্জন; তেলত ডুবাই ভজা মাছে ইয়াত সোণত সুৱগা চৰাইছে।' 

বিচাৰকে কয়, 'এইয়া অতি সাধাৰণ ভাৱে প্ৰস্তুত কৰা এক শক্তিশালী ব্যঞ্জন; তেলত ডুবাই ভজা মাছে ইয়াত সোণত সুৱগা চৰাইছে।' 

  • Share this:
অসম, পশ্চিম বংগ আৰু বাংলাদেশৰ জনপ্ৰিয় ব্যঞ্জন আলু পিটিকাৰ সৈতে পঁইতা ভাতে স্থান পালে বিখ্যাত ৰন্ধন প্ৰতিযোগিতাৰ টিভি অনুষ্ঠান Master Chef Australiaত । মেলবৰ্ণৰ ৩৮বছৰীয়া মহিলা কিশ্বৰ চৌধুৰীয়ে ভজা মাছ আৰু আলু পিটিকা সমৃদ্ধ পঁইতা ভাত পৰিবেশন কৰি বিচাৰকৰ মন জয় কৰিলে  । চৌধুৰীয়ে এই অসমীয়া-বঙালী ব্যঞ্জন বিধ ৰান্ধি প্ৰৱেশ কৰিলে প্ৰতিযোগিতাৰ অন্তিম পৰ্যায়ত । এই পৰ্যায়ত তেওঁৰ সৈতে আছিল আৰু তিনি গৰাকী প্ৰতিযোগী । বাংলাদেশী মূলৰ চৌধুৰী চপা ব্যৱসায়ৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে । চৌধৰীয়ে এই ব্যঞ্জনবিধৰ নাম দিলে 'Smoked Rice Water' ।



উল্লেখযোগ্য যে পূৰ্বেও এই প্ৰতিযোগিতাত চৌধুৰীয়ে খিছিৰী আৰু বেঙেনা ভজা ৰান্ধি বিচাৰকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল । পঁইতা ভাত ৰান্ধি বিচাৰকৰ সন্মুখত তেওঁ কয় – “এনেধৰণৰ ব্যঞ্জন কোনো ৰেষ্টুৰেণ্টত পোৱা নাযায় । কিন্তু এই বিধ ব্যঞ্জন পৰিবেশন কৰিবলৈ সুবিধা পাই মই যথেষ্ট সুখী।"  প্ৰতিযোগিতাৰ তিনি গৰাকী বিচাৰকে কিশ্বৰক ভূয়সী প্ৰশংসা কৰে। এগৰাকী বিচাৰকে কয়, 'এইয়া অতি সাধাৰণ ভাৱে প্ৰস্তুত কৰা এক শক্তিশালী ব্যঞ্জন; তেলত ডুবাই ভজা মাছে ইয়াত সোণত সুৱগা চৰাইছে।'

দুই সন্তানৰ মাতৃ কিশ্বৰৰ সপোন হৈছে বাংলাদেশৰ ৰন্ধন প্ৰকৰণৰ ওপৰত এখন গ্ৰন্থ লিখা । অৱশ্যে এই প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰাৰ সপোন বাস্তৱ নহ’ল কিশ্বৰৰ । প্রথম স্থান দখল কৰিলে ভাৰতীয় মূলৰ দক্ষিণ অষ্ট্ৰেলিয়াৰ বাসিন্দা জাষ্টিন নাৰায়ণে ।
Published by:Manjumoni Borah
First published: