জি–২০ শীৰ্ষ সন্মিলনত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সৰব প্ৰধানমন্ত্ৰী মোদী

News18-Assam
Updated:June 29, 2019, 7:58 AM IST
জি–২০ শীৰ্ষ সন্মিলনত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সৰব প্ৰধানমন্ত্ৰী মোদী
সন্ত্ৰাসবাদে বিশ্ব মানৱতালৈ কঢ়িয়াইছে বৃহৎ ভাবুকি, সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ দেশৰ প্রদানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সন্ত্ৰাসবাদে বিশ্ব মানৱতালৈ কঢ়িয়াইছে বৃহৎ ভাবুকি, সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ দেশৰ প্রদানমন্ত্ৰী নৰেন্দ্ৰ মোদী

  • Share this:
জাপানৰ অ’ছাকাত জি–২০ শীৰ্ষ সন্মিলনত ক্ৰমাত্‍ বাঢ়ি অহা  বিশ্ব সন্ত্ৰাসবাদৰ বিৰুদ্ধে সৰব হৈ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সমগ্ৰ বিশ্বৰ পৰা সন্ত্ৰাসবাদ নিৰ্মুল কৰিবলৈ সমগ্ৰ বিশ্বক মাৰ বান্ধি থিয় হ’বলৈ আহ্বান মোদীৰ। অনুষ্ঠিত সন্মিলনত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যি সবল স্থিতি, সেই কথা আকৌ এবাৰ সমগ্ৰ বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰপ্ৰধান সকলৰ ওচৰত শক্তিশালী ৰূপত দাঙি ধৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

জি–২০ বৈঠকত উপস্থিত থকাৰ সমান্তৰাল ভাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু জাপানৰ প্ৰধানমন্ত্ৰীৰ লগত বৈঠকতো মিলিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী। বৈঠকতে লোকসভা নিৰ্বাচনত বিজেপিয়ে লাভ কৰা বৃহৎ সফলতাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে।
First published: June 29, 2019, 7:58 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি