মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»PM Modi US Journey: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২৩ছেপ্টেম্বৰত উৰা মাৰিব মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ ! সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতি জ’ বাইডেনক...

PM Modi US Journey: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২৩ছেপ্টেম্বৰত উৰা মাৰিব মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ ! সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতি জ’ বাইডেনক...

News18 Assam | News18-Assam
Updated:September 11, 2021, 1:43 PM IST
PM Modi US Journey: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২৩ছেপ্টেম্বৰত উৰা মাৰিব মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ ! সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতি জ’ বাইডেনক...
অহা ২৩ছেপ্টেম্বৰত তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi) উৰা মাৰিব মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ । ২৫ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে নিউইয়ৰ্ক চিটিত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰ সংঘৰ সাধাৰণ সভাত প্ৰদান কৰিব ভাষণ ।

অহা ২৩ছেপ্টেম্বৰত তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi) উৰা মাৰিব মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ । ২৫ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে নিউইয়ৰ্ক চিটিত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰ সংঘৰ সাধাৰণ সভাত প্ৰদান কৰিব ভাষণ ।

  • News18 Assam
  • Last Updated: September 11, 2021, 1:43 PM IST
  • Share this:
অহা ২৩ছেপ্টেম্বৰত তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi) উৰা মাৰিব মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ । ২৫ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে নিউইয়ৰ্ক চিটিত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰ সংঘৰ সাধাৰণ সভাত প্ৰদান কৰিব ভাষণ । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় তথা বিদেশ মন্ত্ৰণালয়ৰ পৰা জনোৱা মতে বিশেষকৈ সন্ত্ৰাসবাদ আৰু Covid-19 মহামাৰীয়ে সৃষ্টি কৰা  প্ৰত্যাহ্বানে স্থান পাব মোদীৰ ভাষণত । এনে প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ ভাৰতে লোৱা পদক্ষেপ আৰু দায়বদ্ধতাৰ সবিশেষ ৰাষ্ট্ৰসংঘৰ মজিয়াত উল্লেখ কৰিব প্ৰধানমন্ত্ৰীয়ে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আফগানিস্তানৰ পৰিবৰ্তিত পৰিস্থিতিৰ সন্দৰ্ভত ভাৰতৰ স্থিতিও স্পষ্ট কৰিব বুলি জানিব পৰা গৈছে । পূর্বেও ভাৰত চৰকাৰৰ উচ্চ স্তৰৰ প্ৰতিনিধিয়ে বিভিন্ন আন্তৰ্জাতিক মঞ্চত আফগানিস্তান যাতে ভাৰত বিৰোধী কাৰ্যকলাপৰ আশ্ৰয়স্থল নহয় সেই কথা বহুবাৰ সকীয়াই দিছে । আনহাতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যতাৰো দাবী উত্থাপন কৰিব মোদীয়ে । লগতে ৰাষ্ট্ৰসংঘৰ কার্যপ্ৰণালীৰ ব্যাপক সালসলনিৰো প্ৰস্তাৱ দিব মোদীয়ে ।

উল্লেখযোগ্য যে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনকো ২৩ নতুবা ২৪ছেপ্টেম্বৰ তাৰিখে সাক্ষাৎ কৰিব মোদীয়ে । বাইডেন ৰাষ্ট্ৰপতি হোৱাৰ পিছত নৰেন্দ্র মোদী তেওঁৰ সৈতে এয়া হ’ব প্ৰথমটো সাক্ষাৎ । এইবাৰৰ আমেৰিকা ভ্ৰমণত প্ৰধানমন্ত্ৰীয়ে Quad সন্মিলনতো অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । Quad মাৰ্কিন যুক্তৰাষ্ট্ৰ, জাপান, অষ্ট্ৰেলিয়া আৰু ভাৰতৰ অংশীদাৰিত্বৰে আৰম্ভ হোৱা এক কূটনৈতিক মঞ্চ ।  ২০০৭চনত জাপানৰ প্ৰচেষ্টাত আৰম্ভ হৈছিল এই মঞ্চ ।
Published by: Kokil Sarma
First published: September 11, 2021, 1:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি