মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »বিশ্বকাপৰ দলৰ পৰা বাহিৰ হোৱা শিখৰ ধৱনক কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে?

বিশ্বকাপৰ দলৰ পৰা বাহিৰ হোৱা শিখৰ ধৱনক কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে?

৯ জুনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলত আঙুলিত আঘাত পাইছিল ধৱনে।

৯ জুনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলত আঙুলিত আঘাত পাইছিল ধৱনে।

৯ জুনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলত আঙুলিত আঘাত পাইছিল ধৱনে।

  • Share this:
    আঙুলিৰ আঘাতৰ বাবে বিশ্বকাপৰ দলৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল ভাৰতৰ বিস্ফোৰক বেটছমেন শিখৰ ধৱন। শীঘ্ৰে সুস্থ হৈ শিখৰ ধৱনে খেলপথাৰলৈ ওভতাৰ কামনা কৰিছে প্ৰধামন্ত্ৰী মোদীয়ে। টুইটাৰত মোদীয়ে শিখৰ ধৱনলৈ লিখিছে –
    কোনো সন্দেহ নাই যে খেলপথাৰত আপোনাৰ অভাৱ অনুভৱ হ’ব, কিন্তু মই আশা কৰিছো যে আপুনি সোনকালে সুস্থ হৈ পুনৰ খেলপথাৰলৈ উভতি আহি দেশৰ জয়ত যোগদান কৰিব।


    উল্লেখযোগ্য যে আঙুলিত আঘাতৰ বাবে চলিত বিশ্বকাপৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল শিখৰ ধৱন। প্ৰথম আশা কৰা হৈছিল যে দুই–তিনিখন মেচৰ পিছত পুনৰ ধৱন খেলপথাৰলৈ উভতিব। কিন্তু সেয়া নহ’ল। ধৱনৰ স্থানত ঋষভ পন্তক অন্তৰ্ভুক্ত কৰা হৈছে দলত। ৯ জুনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলত আঙুলিত আঘাত পাইছিল ধৱনে। মেচখনত শতৰান অৰ্জন কৰি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ধৱনে।

    শেহতীয়া বাতৰি