SCO সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কিৰ্গিস্তানলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী

কিৰ্গিস্তানত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতেও বৈঠকত মিলিত হ’ব মোদী। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানো উপস্থিত থাকিব SCO সন্মিলনত।

news18assam
Updated:June 13, 2019, 8:48 AM IST
SCO সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কিৰ্গিস্তানলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী
কিৰ্গিস্তানত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতেও বৈঠকত মিলিত হ’ব মোদী। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানো উপস্থিত থাকিব SCO সন্মিলনত।
news18assam
Updated: June 13, 2019, 8:48 AM IST
ছাংঘাই কো–অপাৰেচন অৰ্গেনাইজেচন ছামিটত অংশগ্ৰহণৰ উদ্দেশ্যে কিৰ্গিস্তানলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ১৩–১৪ জুনত কিৰ্গিস্তানৰ বিছকেকত অনুষ্ঠিত হ’ব SCO সন্মিলন। কিৰ্গিস্তানত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতেও বৈঠকত মিলিত হ’ব মোদী। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানো উপস্থিত থাকিব SCO সন্মিলনত।

উল্লেখযোগ্য যে কিৰ্গিস্তানত এছ চি অ’ ছামিটত অংশগ্ৰহণ কৰিবলৈ পাকিস্তানৰ এয়াৰস্পেচেৰে নাযায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিদেশ মন্ত্ৰণালয়ৰ ফালৰ পৰা কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰীৰ বিমানৰ বাবে দুটা বিকল্প পথ নিৰ্বাচন কৰিছিল। এতিয়া সিদ্ধান্ত লোৱা হৈছে যে মোদীৰ বিমান পাকিস্তানৰ এয়াৰস্পেচেৰে কিৰ্গিস্তানলৈ নাযায়। তাৰ পৰিৱৰ্তে ওমান, ইৰান আৰু মধ্য এছিয়াৰ দেশ হৈ কিৰ্গিস্তানলৈ যাব মোদী।
আৰু চাওক পৰৱৰ্তী বাতৰি