PM Modi in Bangladesh: স্বাধীন বাংলাদেশৰ সমৰ্থনত আন্দোলনত জঁপিয়াই পৰি জে'ললৈ গৈছিলোঃ প্ৰধানমন্ত্ৰী মোদী

শুকুৰবাৰে ঢাকাত অনুষ্ঠিত হোৱা বাংলাদেশৰ মুক্তিৰ সোণালী জয়ন্তী উদযাপন সমাৰোহত অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।
শুকুৰবাৰে ঢাকাত অনুষ্ঠিত হোৱা বাংলাদেশৰ মুক্তিৰ সোণালী জয়ন্তী উদযাপন সমাৰোহত অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।
- News18 Assam
- Last Updated: March 27, 2021, 7:11 AM IST
বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা, ভগ্নী শ্বেখ ৰিহানা আৰু বাংলাদেশৰ মুক্তি যুদ্ধত অংশগ্ৰহণ কৰা সেনা বিষয়াৰ উপস্থিতিত অনুষ্ঠিত এক বৰ্ণাঢ্য অনুষ্ঠানত ভাষণ প্ৰদান কৰি মোদীয়ে লগতে কয় যে, “বাংলাদেশৰ মুক্তিৰ সমৰ্থন মই অংশগ্ৰহণ কৰা আন্দোলন মোৰ জীৱনৰ অন্যতম প্ৰথম আন্দোলন আছিল। মোৰ বয়স তেতিয়া ২০-২২বছৰ হ’ব; বাংলাদেশৰ আজাদীৰ সমৰ্থনত মই মোৰ সতীৰ্থৰে মিলি সত্যাগ্ৰহ কৰিছিলো আৰু জে'ললৈ যোৱাৰ সুযোগ পাইছিলো। পাকিস্তানৰ সেনাই ইয়াত কৰা জঘন্য অপৰাধ আৰু অত্যাচাৰৰ ফটো বোৰে বিচলিত কৰিছিল; বহু ৰাতি শুবলৈ দিয়া নাছিল ।“
বাংলাদেশৰ ৰাষ্ট্ৰ-পিতা বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানলৈ সন্মান প্ৰদৰ্শন কৰি ভাৰতৰ খাদী আৰু গ্ৰাম্য উদ্যোগে প্ৰস্তুত কৰি উলিওৱা ‘মুজিব জেকেট’ পৰিধান কৰি নৰেন্দ্র মোদীয়ে দেশখনৰ মুক্তিৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে । ঢাকাৰ ৰাষ্ট্ৰীয় পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিডো উপস্থিত আছিল। মোদীয়ে মুক্তি যোদ্ধা, ভাৰতীয় আৰু বাংলাদেশৰ সেনাই মুক্তি যুদ্ধত কৰা অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে।