ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত শুনা গ’ল ‘মোদী ধ্বনি’

News18-Assam
Updated:August 24, 2019, 10:56 AM IST
ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত শুনা গ’ল ‘মোদী ধ্বনি’
প্ৰবাসী ভাৰতীয়ক উদ্দেশ্যি পেৰিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

প্ৰবাসী ভাৰতীয়ক উদ্দেশ্যি পেৰিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

  • Share this:
শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণত মন্ত্ৰ মুগ্ধ হৈ পৰে পেৰিছৰ প্ৰবাসী অসমীয়া। ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবাসী ভাৰতীয়ক উদ্দেশ্যি বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য আগবঢ়ায়। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন ভাৰত নিৰ্মাণৰ কথা উল্লেখ কৰে। দুৰ্নীতি, স্বজন তোষণ, পৰিয়ালতন্ত্ৰ আৰু সন্ত্ৰাসবাদৰ বিপৰীতে এখন শক্তিশালী, সমৃদ্ধি শালী ভাৰত বৰ্তমান সকলোৰে কাম্য বুলি উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্স ভ্ৰমণ কালত দেশখনৰ ৰাষ্ট্ৰপতি মেক্ৰোৰ লগত দীঘলীয়া সময় ধৰি আলোচনাত মিলিত হয়। বৈঠকতে কাশ্মীৰৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা শেহতীয়া স্থিতি আৰু কাৰ্যকলাপক সমৰ্থন জনাই ফ্ৰান্সে। সেইদৰে কাস্মীৰ বিবাদ ভাৰত আৰু পাকিস্তানে দ্বিপাক্ষিকভাৱে সমাধান কৰিব লাগে বুলিও মন্তব্য কৰে ফ্ৰান্সৰ ৰাষ্ট্ৰ প্ৰধানগৰাকীয়ে।
First published: August 24, 2019, 10:56 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading