ডিস্কোভাৰী চেনেলৰ ৰোমাঞ্চকৰ অনুষ্ঠান মেন ভাৰ্ছেচ ৱাইল্ডত দেখা যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক’!

গ্ৰীলছৰ সৈতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব এটা দু:সাহসিক অভিযানত

News18-Assam
Updated:July 29, 2019, 1:21 PM IST
ডিস্কোভাৰী চেনেলৰ ৰোমাঞ্চকৰ অনুষ্ঠান মেন ভাৰ্ছেচ ৱাইল্ডত দেখা যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক’!
Souce- Discovery Channel
News18-Assam
Updated: July 29, 2019, 1:21 PM IST
এইবাৰ ডিস্কোভাৰী চেনেলৰ ৰোমাঞ্চকৰ অনুষ্ঠান মেন ভাৰ্ছেচ ৱাইল্ডত দেখা যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। টেলিভিছন চেনেলটোৰ বিখ্যাত অনুষ্ঠানটোৰ পৰিবেশক বীয়াৰ গ্ৰীলছৰ সৈতে একেলগে দেখা যাব বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰখনৰ প্ৰধানমন্ত্ৰীজনক। মেন ভাৰ্ছেচ ৱাইল্ডৰ জিম কৰবেট ৰাষ্ট্ৰীয় অভয়াৰণ্য সন্দৰ্ভৰ এটা বিশেষ শ্ব'ত ভাৰতৰ সাহসী প্ৰধানমন্ত্ৰীজনে গ্ৰীলছৰ সৈতে অৰণ্যৰ মাজত বিচৰণ কৰি পৰিবেশ সংৰক্ষণকে ধৰি বিভিন্ন দিশ সন্দৰ্ভত আলোচনাত অংশ লব। লগতে গ্ৰীলছৰ সৈতে অংশগ্ৰহণ কৰিব এটা দু:সাহসিক অভিযানত। এই দু:সাহসিক অভিযানৰ অংশ হিচাপে ৰিভাৰ ৰাফটিং, জংঘলৰ মাজেৰে খোজ কাঢ়ি অভয়াৰণ্যখনৰ বিভিন্ন স্থান ভ্ৰমণ কৰিব। অহা ১২ আগষ্ট, সোমবাৰে নিসা ৯ বজাত প্ৰিমিয়াৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেখা যাব এক বিশেষ ৰূপত।

চাওক প্ৰম’

আৰু চাওক পৰৱৰ্তী বাতৰি