ৰাছিয়াত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অংশ ল’ব ইষ্টাৰ্ণ ইক’নমিক ফ’ৰামৰ বৈঠকত

ৰাছিয়াৰ ভ্লাদিভষ্টক ভ্ৰমণ কৰা মোদী হৈছে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী।

News18-Assam
Updated:September 4, 2019, 8:18 AM IST
ৰাছিয়াত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অংশ ল’ব ইষ্টাৰ্ণ ইক’নমিক ফ’ৰামৰ বৈঠকত
ৰাছিয়াৰ ভ্লাদিভষ্টক ভ্ৰমণ কৰা মোদী হৈছে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী।
News18-Assam
Updated: September 4, 2019, 8:18 AM IST
ইষ্টাৰ্ণ ইক’নমিক ফ’ৰামৰ বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাছিয়াৰ ভ্লাদিভষ্টকত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভ্লাদিভষ্টক আন্তৰ্জাতিক বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনোৱা হয়। তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়ালৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰিব। লগতে মোদীয়ে ভাৰত–ৰাছিয়াৰ ২০সংখ্যক বাৰ্ষিক শীৰ্ষ সন্মিলনতো অংশগ্ৰহণ কৰিব।

ৰাছিয়াৰ ভ্লাদিভষ্টক ভ্ৰমণ কৰা মোদী হৈছে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ সৈতে এক সাক্ষাৎকাৰত মোদীয়ে কয় – ‘মই আশ্বস্ত যে এই যাত্ৰা নতুন পথলৈ লৈ যাব, নতুন শক্তি দিব আৰু দুয়োখন দেশৰ মাজৰ সম্পৰ্কই এক নতুন গতি লাভ কৰিব।’

ইষ্টাৰ্ণ ইক’নমিক ফ’ৰামৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উপৰি ২০সংখ্যক ভাৰত–ৰাছিয়া শীৰ্ষ সন্মিলনত দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হ’ব প্ৰায় ১৫খন চুক্তি।

ইষ্টাৰ্ণ ইক’নমিক ফৰামৰ বৈঠকত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী। মোদীয়ে কয়, ‘আমি এই বৈঠকৰ বাবে ছমাহ ধৰি প্ৰস্তুতি চলাইছিলো। ভাৰত আৰু ৰাছিয়া অন্তৰংগ বন্ধু আৰু সেয়েহে আমি ভৱিষ্যতে একেলকে কি কৰিব পাৰো সেয়া চিন্তা কৰা উচিত।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি