• Home
  • »
  • News
  • »
  • world
  • »
  • SCOৰ বৈঠকত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে; জানো আহক SCO বৈঠকত প্ৰধানমন্ত্ৰীৰ সময়সূচীৰ সম্পূৰ্ণ বিৱৰণ

SCOৰ বৈঠকত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে; জানো আহক SCO বৈঠকত প্ৰধানমন্ত্ৰীৰ সময়সূচীৰ সম্পূৰ্ণ বিৱৰণ

উজবেকিস্তানত ১৫ আৰু ১৬ ছেপ্তেম্বৰত হ’ব লগা SCO শিখৰ সন্মিলনৰ বৈঠকত মুঠ ৮ জন SCO সদস্য দেশৰ নেতাসকলে ভাগ ল’ব।

উজবেকিস্তানত ১৫ আৰু ১৬ ছেপ্তেম্বৰত হ’ব লগা SCO শিখৰ সন্মিলনৰ বৈঠকত মুঠ ৮ জন SCO সদস্য দেশৰ নেতাসকলে ভাগ ল’ব।

উজবেকিস্তানত ১৫ আৰু ১৬ ছেপ্তেম্বৰত হ’ব লগা SCO শিখৰ সন্মিলনৰ বৈঠকত মুঠ ৮ জন SCO সদস্য দেশৰ নেতাসকলে ভাগ ল’ব।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাংঘাই সহযোগ সংগঠন (SCO) শিখৰ সন্মিলনৰ এক বৈঠকত অংশগ্ৰহণ কৰিবলৈ উজবেকিস্তানত উপস্থিত হ’ব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে লগ কৰাৰ এক কাৰ্যসূচীও আছে। উজবেকিস্তানত ১৫ আৰু ১৬ ছেপ্তেম্বৰত হ’ব লগা SCO শিখৰ সন্মিলনৰ বৈঠকত মুঠ ৮ জন SCO সদস্য দেশৰ নেতাসকলে ভা ল’ব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ, ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰইচি উপস্থিত থাকিব।

জানিব পৰা মতে, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অফিছিয়েল কাৰ্যসূচীত চীনৰ ৰাষ্ট্ৰপতি অথবা পাকিস্তানৰ প্ৰধানমন্ত্ৰীক লগ কৰাৰ কোনো কাৰ্যসূচী নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ ছেপ্তেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে সন্ধিয়া ৬ বাজি ৪০ মিনিটত সমৰকন্দলৈ ৰাওনা হ'ব। ১৬ ছেপ্তেম্বৰ অৰ্থাৎ শুক্ৰবাৰে ৰাতিপুৱা ৯ বাজি ৪০ মিনিটত SCO সদস্য দেশৰ মুৰব্বীসকলৰ স্বাগত সমাৰোহ অনুষ্ঠান হ’ব। ইয়াৰ পাছতে ৯ বাজি ৫৫ মিনিটত গ্ৰুপ ফটো তোলা হ’ব। ৰাতিপুৱা ১১ বাজি ৩০ মিনিটত SCOৰ ৰেচট্ৰিকটেড ফৰ্মেট বৈঠক (সীমাবদ্ধ বিন্যাস সভা) হ’ব যি ১ প্লাচ ১ বৈঠক হ’ব।

ইয়াৰ পাছত, ১১ বাজি ৪০ মিনিটত এক যুটীয়া ফটো চেচন অনুষ্ঠিত হ'ব। তাৰ পিছত পুৱা ১১ বাজি ৪৫ মিনিটত বজাৰ পৰা আবেলি ২ বাজি ৪৫ মিনিটলৈ সমৰকন্দ ঘোষণা পত্ৰত স্বাক্ষৰ কৰা হ'ব। প্ৰধানমন্ত্ৰী মোডীয়ে আবেলি ২ বাজি ১৫ মিনিটৰ পৰা আবেলি ৩ বাজি ৩০ মিনিটলৈ উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ হৈ আনুষ্ঠানিক বেংক্বেটত অংশগ্ৰহণ কৰিব। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে ৩ বাজি ৪০ মিনিটৰ পৰা আবেলি ৪ বাজি ১৫ মিনিটলৈ চামাৰ্কন্দ ৰিজেন্সি হোটেলত দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব। উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ সৈতে ৪ বাজি ২০ মিনিটৰ পৰা ৪ বাজি ৫০ মিনিটলৈ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ'ব যি কংগ্ৰেছ কেন্দ্ৰত অনুষ্ঠিত হ'ব।

সন্ধিয়া ৫ বজাৰ পৰা সন্ধিয়া ৫ বাজি ৩০ মিনিটলৈকে ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ'ব। সন্ধিয়া ৬ বাজি ৫০ মিনিটত তেওঁ দিল্লীলৈ উভতি আহিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোডীয়ে নিশা ১০ বাজি ১৫ মিনিটত দিল্লীত উপস্থিত হ'ব।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি