প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে উপস্থিত হয় নেপালত। লুম্বিনীত উপস্থিত হৈ মোদীয়ে মহামায়া মন্দিৰত পূজা–অৰ্চনা আগবঢ়ায়। মোদীক সংগ দিয়ে নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাই। লুম্বিনী নেপালৰ বুদ্ধ ধৰ্মৰ আটাইতকৈ পৱিত্ৰ স্থানৰ ভিতৰত এখন।
প্ৰধানমন্ত্ৰী মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাৰ আমন্ত্ৰণমৰ্মে লুম্বিনীত উপস্থিত হৈছে। ২০১৪ চনত প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পিছত নৰেন্দ্ৰ মোদীৰ এয়া পঞ্চমটো নেপাল যাত্ৰা।
ভাৰতীয় বায়ু সেনাৰ বিশেষ বিমানেৰে লুম্বিনীত উপস্থিত হয় মোদী। মোদীয়ে মহামায়া দেৱী মন্দিৰত পূজা–অৰ্চনা কৰাৰ পিছত নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে লুম্বিনী বৌদ্ধ বিহাৰ ক্ষেত্ৰত বৌদ্ধ সংস্কৃতি আৰু ঐতিহ্য ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে।
এই যাত্ৰাত মোদী আৰু দেউবাৰ মাজত লুম্বিনীত এক দ্বিপাক্ষিক বৈঠকো অনুষ্ঠিত হ’ব। নেপাৰ বিদেশ মন্ত্ৰণালয়ৰ ফালৰ পৰা জাৰি কৰা এক বিবৃতি অনুসৰি, বৈঠকত দুয়োগৰাকী নেতাই ভাৰত–নেপাল সহযোগিতা আৰু পাৰসম্পৰিক স্বাৰ্থৰ বিষয়ত বাৰ্তালাপ কৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|