প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিব। এই বৈঠকত সামুদ্ৰিক নিৰাপত্তা সন্দৰ্ভত এক মুকলি আলোচনাত অংশ ল’ব মোদীয়ে। চৰ্চাৰ বিষয় হ’ল ‘সামুদ্ৰিক নিৰাপত্তাক উদগনি : আন্তঃৰাষ্ট্ৰীয় সহযোগৰ আৱশ্যকতা’। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ মতে, এই বৈঠকত UNSCৰ সদস্য দেশৰ ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰৰ মুৰব্বী আৰু ৰাষ্ট্ৰসংঘ প্ৰণালী আৰু প্ৰমুখ ক্ষেত্ৰীয় সংগঠনৰ উচ্চস্তৰীয় বিশেষজ্ঞসকলে ভাগ ল’ব।
নিৰাপত্তা পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিবলগীয়া প্ৰধানমন্ত্ৰী মোদী প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী। আহক চাও এই বৈঠকৰ ১০টা ডাঙৰ কথা –
১. ৭৫ বছৰত প্ৰথমবাৰৰ বাবে কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ ১৫ সদস্যাযুক্ত এই কাৰ্যসূচীত অধ্যক্ষতা কৰিব।
২. এই বৈঠকত সামুদ্ৰিক অপৰাধ আৰু অসুৰক্ষাৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰা তথা সামুদ্ৰিক ক্ষেত্ৰত সমন্বয় মজবুত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হ’ব।
৩. সামুদ্ৰিক সুৰক্ষাৰ ব্যাপক দৃষ্টিকোণ, বৈধ সামুদ্ৰিক গতিবিধিৰ ৰক্ষা আৰু সমৰ্থন কৰাত সক্ষম হ’ব, লগতে ইয়াৰ মাধ্যমেৰে সামুদ্ৰিক ক্ষেত্ৰত পাৰম্পৰিক আৰু অপাৰম্পৰিক বিপদৰ মোকাবিলা কৰিব পৰা যাব।
৪. প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কয়, ‘আমাৰ সভ্যতাৰ ওপৰত আধাৰিত লোকনীতিয়ে সমুদ্ৰক শান্তি আৰু সমৃদ্ধিৰ প্ৰৱৰ্তকৰ ৰূপ হিচাপে গণ্য কৰে। ইয়াৰ ওপৰত গুৰুত্ব ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনত ‘সাগৰ’ (এছএজিএআৰ– ক্ষেত্ৰত সকলোৰে সুৰক্ষা আৰু বিকাশ)ৰ দৃষ্টিকোণ আগত ৰাখিছিল। ই মহাসাগৰৰ নিৰন্তৰ ব্যৱহাৰৰ বাবে চৰকাৰী উপায়ৰ ওপৰত কেন্দ্ৰীভূত আৰু সুৰক্ষিত তথা স্থিৰ সামুদ্ৰিক ক্ষেত্ৰৰ বাবে এক ৰূপৰেখা প্ৰদান কৰে।
৫. এই বৈঠকত অংশগ্ৰহণ কৰিবলগীয়া নেতাসকল – ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, ডেম’ক্ৰেটিক ৰিপাব্লিক অব কাংগ’ৰ ৰাষ্ট্ৰপতি ফেলিক্স – এণ্টনী ছেছিকেদী চিলম্বো আরু আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনী ব্লিংকন।
৬. আজিৰ কাৰ্যসূচীত ভাগ ল’বলগীয়া আন নেতাসকলৰ ভিতৰত আছে নাইজাৰৰ ৰাষ্ট্ৰপতি মহম্মদ বজুম, কেনিয়াৰ ৰাষ্ট্ৰপতি উহুৰু কেন্যাটা আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন্হ চিন্চ।
৭. বিগত সপ্তাহত আফগানিস্তাৰ স্থিতিৰ ওপৰত ভাৰতৰ অধ্যক্ষতাত এক বৈঠক আয়োজন কৰা হৈছিল, য’ত সদস্য দেশসমূহে বেয়াৰ ফাললৈ যোৱা স্থিতিক লৈ চিন্তা প্ৰকাশ কৰে আৰু ৰাজনৈতিক সমাধানৰ আহ্বান কৰে।
৮. পাকিস্তানে বিশেষ বৈঠকত আমন্ত্ৰণ নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছিল। শুকুৰবাৰে ইউএনএছচিৰ বৈঠকৰ পিছত এক প্ৰেছ কনফাৰেন্সত ৰাষ্ট্ৰসংঘত পাকিস্তানৰ স্থায়ী প্ৰতিনিধি, ৰাষ্ট্ৰদূত মুনীৰ আক্ৰামে কয়, ‘আমি অংশীদাৰিত্বৰ বাবে এক আনুষ্ঠানিক অনুৰোধ কৰিছিলো কিন্তু ইয়াক অস্বীকাৰ কৰা হৈছিল।’
৯. ভাৰতে এই বৰ্ষত আগষ্ট মাহৰ বাবে ইউএনএছচিৰ অধ্যক্ষতা কৰিব। ১ আগষ্টৰ পৰা ভাৰতে এই দায়িত্ব পালন কৰিছে।
১০. ইউএনএছচিত কেৱল ৫ স্থায়ী সদস্য আমেৰিকা, চীন, ব্ৰিটেইন, ৰাছিয়া আৰু ফ্ৰান্স আছে। বৰ্তমান ভাৰত দুবছৰৰ বাবে নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|