SCO SUMMIT : নাম নোলোৱাকৈয়ে পাকিস্তানক ককৰ্থনা মোদীৰ, শুনি থাকিল ইমৰাণ খানে

সন্ত্ৰাসবাদক উৎসাহী কৰা, সহায় কৰা দেশক জবাবদিহী কৰাটো প্ৰয়োজন – মোদী

news18assam
Updated:June 14, 2019, 7:07 PM IST
SCO SUMMIT : নাম নোলোৱাকৈয়ে পাকিস্তানক ককৰ্থনা মোদীৰ, শুনি থাকিল ইমৰাণ খানে
FILE PHOTO
news18assam
Updated: June 14, 2019, 7:07 PM IST
কিৰ্গিস্তানত অনুষ্ঠিত SCO সন্মিলনত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্ব সম্প্ৰদায়ক আহ্বান জনায়। পাকিস্তানক পৰোক্ষভাৱে আক্ৰমণ কৰি মোদীয়ে কয় যে সন্ত্ৰাসবাদক উৎসাহিত কৰা, সহায় কৰা আৰু আৰ্থিক সাহায্য কৰা দেশক জবাবদিহী কৰা প্ৰয়োজন। মোদীয়ে স্পষ্ট কৰি দিয়ে যে ভাৰতে সন্ত্ৰাসবাদমুক্ত সমাজ নিৰ্মাণৰ পক্ষত।

সন্মিলনত মোদীয়ে কয় – ‘মই বিগত দেওবাৰে শ্ৰীলংকা যাত্ৰাৰ সময়ত ছেইণ্ট এন্থনী গিৰ্জালৈ গৈছিলো, য’ত মই সন্ত্ৰাসবাদৰ ঘৃণনীয় ৰূপ দেখিছিলো। এই সন্ত্ৰাসবাদে সকলো ঠাইতে নিৰ্দোষী লোকৰ প্ৰাণ লৈছে।’ যেতিয়া মোদীয়ে এই কথা কৈছিল, অনুষ্ঠানত উপস্থিত আছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানো। সন্ত্ৰাসবাদৰ পৰা মুক্ত হ’বলৈ নিজৰ সংকীৰ্ণ মানসিকতাৰ পৰা ওলাই আহি ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ হ’বলৈও কয় মোদীয়ে। মোদীয়ে কয় – সন্ত্ৰাসবাদক উৎসাহী কৰা, সহায় কৰা দেশক জবাবদিহী কৰাটো প্ৰয়োজন।

সন্ত্ৰাসবাদ ৰোধ কৰাৰ উপায় হিচাপে মোদীয়ে কয় – সাহিত্য আৰু সংস্কৃতিয়ে আমাৰ সমাজক এক সাকাৰাত্মক গতি প্ৰদান কৰে। ই বিশেষকৈ আমাৰ সমাজৰ যুৱকসকলক চৰম পন্থাৰ অৱলম্বনত বাধা দিয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি