পি ভি সিন্ধুক লৈ গৰ্বিত দেশ, ৰাষ্ট্ৰপতি–প্ৰধানমন্ত্ৰীয়ে জনালে শুভকামনা

বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণপদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় শ্বাটলাৰ সিন্ধু।

News18-Assam
Updated:August 26, 2019, 8:48 AM IST
পি ভি সিন্ধুক লৈ গৰ্বিত দেশ, ৰাষ্ট্ৰপতি–প্ৰধানমন্ত্ৰীয়ে জনালে শুভকামনা
বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণপদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় শ্বাটলাৰ সিন্ধু।
News18-Assam
Updated: August 26, 2019, 8:48 AM IST
BWF বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণপদক অৰ্জন কৰি ইতিহাস ৰচিলে ভাৰতৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে। ছুইজাৰলেণ্ডত অনুষ্ঠিত এই বি ডব্লিউ এফ বেটমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত জাপানৰ খেলুৱৈক পৰাস্ত কৰে ২৪ বছৰীয়া ভাৰতীয় তাৰকাগৰাকীয়ে। বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণপদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় শ্বাটলাৰ সিন্ধু।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পি ভি সিন্ধুক শুভেচ্ছা জনায়। টুইটাৰযোগে ৰাষ্ট্ৰপতি ৰামনাথ কোবিনে সিন্ধুক শুভেচ্ছা জনায় লিখিছে – ‘বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপ জয়ৰ বাবে শুভেচ্ছা। এয়া সমগ্ৰ দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত। ক’ৰ্টত আপোনাৰ যাদুকৰী খেল, কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাই লাখ লাখ লোকক ৰোমাঞ্চিত কৰে আৰু প্ৰেৰণা দিয়ে। বিশ্ব চেম্পিয়নক ভৱিষ্যতৰ খেলৰ বাবে শুভকামনা।’



সিন্ধুলৈ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত লিখিছে – ‘প্ৰতিভাশালী সিন্ধুৱে পুনৰ দেশক গৌৰৱান্বিত কৰিলে। বি ডব্লিউ এফ চেম্পিয়নশ্বিপত স্বৰ্ণজয়ৰ বাবে শুভেচ্ছা যাঁচিলো। পি ভি সিন্ধুৰ সফলতাই খেলুৱৈৰ কেইবাটাও প্ৰজন্মক প্ৰেৰণা যোগাব।’



কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱেও টুইটাৰযোগে শুভেচ্ছা জনালে বিশ্বজয়ী শ্বাটলাৰগৰাকীক। খেল মন্ত্ৰী ৰিজিজুৱে কয় যে চৰকাৰে চেম্পিয়নৰ জন্ম দিবলৈ সৰ্বশ্ৰেষ্ঠ সুবিধা আৰু সহযোগিতা প্ৰদান কৰিব। ৰিজিজুৱে সিন্ধুৰ এই সফলতাক লৈ কয় – ‘বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণপদক জয়ী কৰি প্ৰথম ভাৰতীয় হিচাপে সিন্ধুৱে ইতিহাস ৰচিলে। ভাৰতে সিন্ধুক লৈ গৌৰৱ কৰিছে। মোৰ অন্তৰৰ পৰা শুভেচ্ছা জনাইছো।’



পি ভি সিন্ধুক শুভেচ্ছা জনালে বেডমিণ্টন এছ’চিয়েচন অৱ ইণ্ডিয়াৰ সভাপতি হিমন্ত বিশ্ব শৰ্মায়ো। টুইটাৰযোগে সিন্ধুক শুভকামনা জনালে হিমন্ত বিশ্ব শৰ্মাই। এয়া আমাৰ বাবে ঐতিহাসিক ক্ষণ বুলি টুইটাৰত উল্লেখ কৰে মন্ত্ৰী তথা BAIৰ সভাপতিগৰাকীয়ে।



পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও সিন্ধুৰ সফলতাত শুভেচ্ছা জ্ঞাপন কৰে। শ্বাটলাৰগৰাকীক এই ধাৰা অক্ষুণ্ণ ৰাখিবলৈ শুভকামনা জনায় মমতা বেনাৰ্জীয়ে।



উল্লেখযোগ্য যে ফাইনেলত সিন্ধুৱে ২১–৭, ২১–৭ ছেটত পৰাস্ত কৰে জাপানৰ নৌজুমী ওকুহাৰাক। বিশ্বৰ চাৰি নম্বৰৰ খেলুৱৈ নৌজুমী ওকুহাৰৰ সৈতে ৩৭ মিনিটৰ যুঁজৰ অন্তত ২১–৭, ২১–৭ পোনপটীয়া ছেটত জয়লাভ কৰে সিন্ধুৱে। ২০১৭ আৰু ২০১৮ চনত ৰূপ আৰু ২০১৩ আৰু ২০১৪ত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল পি ভি সিন্ধুৱে।
আৰু চাওক পৰৱৰ্তী বাতৰি