ইমৰাণ খানৰ ফোনেই ৰিচিভ নকৰে মোদীয়ে, ক’লে নৱাজ শ্বৰিফৰ কন্যাই

এইবাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক আমন্ত্ৰণ নজনালে শপতগ্ৰহণ অনুষ্ঠানলৈ। ইয়াকে লৈ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফৰ কন্যা মৰিয়ম শ্বৰিফে কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য।

news18assam
Updated:May 30, 2019, 11:26 AM IST
ইমৰাণ খানৰ ফোনেই ৰিচিভ নকৰে মোদীয়ে, ক’লে নৱাজ শ্বৰিফৰ কন্যাই
এইবাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক আমন্ত্ৰণ নজনালে শপতগ্ৰহণ অনুষ্ঠানলৈ। ইয়াকে লৈ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফৰ কন্যা মৰিয়ম শ্বৰিফে কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য।
news18assam
Updated: May 30, 2019, 11:26 AM IST
পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ফোন ৰিচিভ নকৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এই মন্তব্য কৰিছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফৰ কন্যা মৰিয়ম শ্বৰিফে। উল্লেখযোগ্য যে আজি দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। ২০১৪ চনৰ শপতগ্ৰহণ অনুষ্ঠানলৈ SAARC দেশসমূহৰ ৰাষ্ট্ৰপ্ৰধানসকলক আমন্ত্ৰণ জনোৱা হৈছিল। পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফকো আমন্ত্ৰণ জনোৱা হৈছিল শপতগ্ৰহণ অনুষ্ঠানলৈ। কিন্তু এইবাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক আমন্ত্ৰণ নজনালে শপতগ্ৰহণ অনুষ্ঠানলৈ। ইয়াকে লৈ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফৰ কন্যা মৰিয়ম শ্বৰিফে কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য।



ইমৰাণ খানক সমালোচনা কৰি মৰিয়মে কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানৰ সমকক্ষ নেতাক সন্মান নিদিয়ে। তেওঁ কয় যে ফেব্ৰুৱাৰী মাহত ৰিচিভ কৰা নাছিল মোদীয়ে ইমৰাণ খানৰ ফোন। পাকিস্তানৰ ১৯৯৮ৰ পৰমাণু পৰীক্ষণ সম্বন্ধীয় এক অনুষ্ঠানত মৰিয়মে কয় যে ইমৰাণ খানে অভিযোগ কৰিছিল যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ফোন ৰিচিভ কৰা নাই। সেই সময়ত দুয়োখন দেশৰ মাজত সংঘাত তুংগত আছিল।



ইমৰাণ খানক সমালোচনা কৰি মৰিয়মে কয় – মোদী আৰু বিশ্বৰ আন ৰাষ্ট্ৰপ্ৰধানে ইমৰাণ খানক কিয় সন্মান নকৰে, কাৰণ তেওঁলোকে জানে যে ইমৰাণ খানে কাৰোবাৰ সহায়ত মানুহৰ ভোট চুৰি কৰি শাসনৰ গাদীত বহিছে। ইমৰাণ খানে কাৰোবাৰ নিৰ্দেশত চলে। মৰিয়মে কয় – ইমৰাণ খান... আপোনাৰ অৱস্থা পুতলাৰ দৰে। বিশ্বত আপোনাৰ কোনো সন্মান নাই।
আৰু চাওক পৰৱৰ্তী বাতৰি