உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • আমেৰিকাৰ উপ–ৰাষ্ট্ৰপতি কমলা হেৰিছক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে, ভাৰতলৈ জনালে আমন্ত্ৰণ

    আমেৰিকাৰ উপ–ৰাষ্ট্ৰপতি কমলা হেৰিছক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে, ভাৰতলৈ জনালে আমন্ত্ৰণ

    উল্লেখযোগ্য যে মোদী আৰু হেৰিছৰ মাজত এয়া আছিল প্ৰথম মুখামুখি সাক্ষাৎ।

    উল্লেখযোগ্য যে মোদী আৰু হেৰিছৰ মাজত এয়া আছিল প্ৰথম মুখামুখি সাক্ষাৎ।

    উল্লেখযোগ্য যে মোদী আৰু হেৰিছৰ মাজত এয়া আছিল প্ৰথম মুখামুখি সাক্ষাৎ।

    • Share this:
    বৃহস্পতিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi) সাক্ষাৎ কৰে আমেৰিকাৰ উপ–ৰাষ্ট্ৰপতি কমলা হেৰিছ (Kamala Harris)ক। কমলা হেৰিছৰ সৈতে গণতন্ত্ৰ, সন্ত্ৰাসবাদ আৰু জলবায়ু পৰিৱৰ্তনসহ কেইবাটাও বিষয়ত আলোচনা কৰে মোদীয়ে।

    হেৰিছে ভাৰতক আমেৰিকাৰ স্বাভাৱিক মিত্ৰ বুলি উল্লেখ কৰে। এই বৈঠকতে মোদীয়ে হেৰিছক কয় যে তেওঁৰ বিশ্বাস আছে যে ৰাষ্ট্ৰপতি জো বাইডেন আৰু তেওঁৰ নেতৃত্বত ভাৰত আৰু আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্কই নতুন শিখৰত উপনীত হ’ব।


    উল্লেখযোগ্য যে মোদী আৰু হেৰিছৰ মাজত এয়া আছিল প্ৰথম মুখামুখি সাক্ষাৎ। ইয়াৰ পূৰ্বে কোৰোণাৰ দ্বিতীয় ঢৌৰ বাবে আমেৰিকাৰ উপ–ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে এই বৈঠকতে কমলা হেৰিছক ভাৰতলৈ আমন্ত্ৰণো জনায়।
    Published by:Sanjay Kumar Das
    First published: