உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Time Magazine: টাইম আলোচনীৰ বিশ্বৰ ১০০জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত প্ৰধানমন্ত্ৰী মোডী, মমতা, পুনাৱালা...

    Time Magazine: টাইম আলোচনীৰ বিশ্বৰ ১০০জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত প্ৰধানমন্ত্ৰী মোডী, মমতা, পুনাৱালা...

    আমেৰিকান আলোচনী টাইম (Time Magazine)য়ে উলিওৱা ২০২১ চনত বিশ্বৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত (Top 100 influential list) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু চিৰাম ইনষ্টিটিউটৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাই স্থান লৈছে।

    • Share this:
    আমেৰিকান আলোচনী টাইম (Time Magazine)য়ে উলিওৱা ২০২১ চনত বিশ্বৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত (Top 100 influential list) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু চিৰাম ইনষ্টিটিউটৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাই স্থান লৈছে। Timeৰ এই তালিকাখনক ৬ টা শ্ৰেণীত বিভক্ত কৰা হৈছে, যাৰ ভিতৰত আছে অগ্ৰগামী, শিল্পী, নেতা, আইকন, টাইটান আৰু উদ্ভাৱক। প্ৰতিটো শ্ৰেণীয়ে গোটেই পৃথিৱীৰ মানুহক সামৰি লয়।

    টাইম আলোচনীৰ এই তালিকাখন বিশ্বজুৰি যথেষ্ট নিৰ্ভৰযোগ্য বুলি গণ্য কৰা হয়। এই তালিকাখন বহুতো গৱেষণাৰ পিছত প্ৰতিজন লোকৰ প্ৰৱেশ সম্পাদকৰ দ্বাৰা হয়। তালিবানৰ সহ-প্ৰতিষ্ঠাপক আব্দুল গনি বাৰাদাৰ বুধবাৰে প্ৰকাশিত টাইমৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিত্বৰ তালিকাৰ ভিতৰত আছে। লগতে তালিকাখনত আছে বাইডেন, কমলা হেৰিছ, ছি জিনপিং আৰু আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প।

    প্ৰধানমন্ত্ৰী মোডীৰ নাম যোৱা বছৰো তালিকাত আছিল
    যোৱা বছৰো টাইমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বৰ ১০০ জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান দিছিল। যোৱা বছৰ তালিকাত থকা ভাৰতীয় লোকসকলৰ ভিতৰত আছিল বলীউড অভিনেতা আয়ুষ্মান খুৰানা, গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই, এইচআইভি গৱেষণা কৰা ৰবীন্দ্ৰ গুপ্তা আৰু শ্বহীন বাগ ধৰ্ণাৰ সৈতে জড়িত বিলকিছ।
    Published by:Kokil Sarma
    First published: