বাঘৰ মুক্ত বিচৰণৰ মাজত প্ৰধানমন্ত্ৰী, সোমবাৰে Man vs Wildৰ মেগা EPISODE

News18-Assam
Updated:August 11, 2019, 9:58 AM IST
বাঘৰ মুক্ত বিচৰণৰ মাজত প্ৰধানমন্ত্ৰী, সোমবাৰে Man vs Wildৰ মেগা EPISODE
সোমবাৰে ডিস্ক’ভাৰী চেনেলৰ এই বিখ্যাত শ্ব’ত দেখিবলৈ পাব প্ৰধানমন্ত্ৰী মোদীক। এই শ্ব’টোৰ সম্পূৰ্ণ শ্বুটিং কৰা হৈছে উত্তৰাখণ্ডৰ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত।

সোমবাৰে ডিস্ক’ভাৰী চেনেলৰ এই বিখ্যাত শ্ব’ত দেখিবলৈ পাব প্ৰধানমন্ত্ৰী মোদীক। এই শ্ব’টোৰ সম্পূৰ্ণ শ্বুটিং কৰা হৈছে উত্তৰাখণ্ডৰ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত।

  • Share this:
যদি আপুনি ডিস্ক’ভাৰী চেনেল নাইবা এনিমেল প্লেনেট চায়, তেন্তে বিখ্যাত শ্ব’ ‘মেন ভাৰ্ছেছ ৱাইল্ড’ নিশ্চয় চাইছে। বিয়েৰ গ্ৰিল্ছৰ কৰ্ম–কণ্ডই নিশ্চয় আপোনাক আচৰিত কৰি তোলে।

সোমবাৰে ডিস্ক’ভাৰী চেনেলৰ এই বিখ্যাত শ্ব’ত দেখিবলৈ পাব প্ৰধানমন্ত্ৰী মোদীক। এই শ্ব’টোৰ সম্পূৰ্ণ শ্বুটিং কৰা হৈছে উত্তৰাখণ্ডৰ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত।

জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান উত্তৰাখণ্ডৰ নাইনিতালত আছে আৰু ঢেকীয়াপতীয়া বাঘৰ বাবে বিখ্যাত। এইখন হৈছে ভাৰতৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এখন।



এই ৰাষ্ট্ৰীয় উদ্যানখনতে বিয়েৰ গ্ৰীলছৰ সৈতে এক অটব্য অৰণ্যৰ মাজত দুঃসাহসিক অভিযানত অংশ লোৱা দেখা যাব মোদীক। এই শ্ব’ত অংশগ্ৰহণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমগৰাকী ভাৰতীয়।



১২ আগষ্টৰ নিশা ৯ বজাত সম্প্ৰচাৰ হ’ব ‘মেন ভাৰ্ছেছ ৱাইল্ড’ৰ এই শ্ব’টো। ডিস্ক’ভাৰী চেনেল, ডিস্ক’ভাৰী HD ৱৰ্ল্ড, এনিমেল প্লেনেট, ডিস্ক’ভাৰী ছায়েন্স, এনিমেল প্লেনেট HD ৱৰ্ল্ড, TLC, TLC HD ৱৰ্ল্ড, জিত প্ৰাইম, জিত প্ৰাইম HD, ডিস্ক’ভাৰী টাৰ্ব’, ডিস্ক’ভাৰী কিড্ছ, দ্য তামিলত একেলগে সম্প্ৰচাৰ হ’ব এই শ্ব’টো। বিশ্বৰ ১৮০খন দেশত চাব পাৰিব এই শ্ব’।



প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এই অভিযানত অংশ লৈ আনন্দিত আঁত ধৰোতা বিয়েৰ গ্ৰীল্ছ। গ্ৰীলছে কয় – মই বহু বছৰ ধৰি ভাৰতৰ অনুৰাগী। আৰু প্ৰধানমন্ত্ৰী মোদীৰ দৰে এগৰাকী বিশ্ব নেতাৰ সৈতে এনেধৰণৰ দুঃসাহসিক অভিযানত অংশ লৈ মই অতি আনন্দিত। মোৰ বিশ্বাস দৰ্শকে এই এই শ্ব’টো উপভোগ কৰিব।

বিয়েৰ গ্ৰিল্ছে নিজৰ শ্ব’ ‘মেন ভাৰ্ছেছ ৱাইল্ড’ত আন বহু তাৰকাক অন্তৰ্ভুক্ত কৰিছে। টেনিছ তাৰকা ৰোজাৰ ফেডেৰাৰ, হলীউদৰ তাৰকা কেট উইংস্লেটকো দেখা গৈছিল এই শ্ব’ত।
আৰু চাওক পৰৱৰ্তী বাতৰি