প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ‘বিল এণ্ড মিলিণ্ডা গেট্ছ ফাউণ্ডেচন’–এ আগবঢ়াইছে গ্ল’বেল গ’লকীপাৰ্ছ পুৰস্কাৰ। স্বচ্ছতা অভিযানৰ সফলতাৰ বাবে আগবঢ়োৱা হৈছে এই সন্মান। বিল এণ্ড মিলিণ্ডা গেট্ছ ফাউণ্ডেচনৰ হৈ খোদ বিল গেটছে মোদীক প্ৰদান কৰে এই সন্মান। সন্মান গ্ৰহণ কৰি মোদীয়ে কয় যে তেওঁ এই সন্মান সেইসকল ভাৰতীয়লৈ উৎসৰ্গা কৰিছো যিসকলে স্বচ্ছ ভাৰত মিছনক এক জন আন্দোলনত পৰিণত কৰিলে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় – এনেধৰণৰ বহু জন আন্দোলন আজি ভাৰতত চলি আছে। মোৰ ১.৩ বিলিয়ন ভাৰতীয়ৰ সামৰ্থ্যৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। মোৰ বিশ্বাস আছে যে স্বচ্ছ ভাৰত অভিযানৰ দৰে বাকী মিছনো সফল হ’ব। আজি মই এই কথাক লৈও সুখী যে মহাত্মা গান্ধীয়ে স্বচ্ছতাৰ যি সপোন দেখিছিল, সেয়া সাকাৰ হোৱাৰ পথত। গান্ধীজীয়ে কৈছিল যে এখন আদৰ্শ গাঁও তেতিয়াহে হ’ব যেতিয়া সেয়া সম্পূৰ্ণৰূপে স্বচ্ছ হ’ব। আজি আমি গাঁৱেই নহয়, সম্পূৰ্ণ দেশক স্বচ্ছতাৰ ক্ষেত্ৰত আদৰ্শ কৰি তোলাৰ দিশে আগবাঢ়িছো।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|