ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলিডিমিৰ জেলেনস্কিৰ সৈতে পুনৰ টেলিফোনিক বাৰ্তালাপত মিলিত হ’ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)। সোমবাৰে দুয়ো দেশৰ মাজত অনুষ্ঠিত হয় এই বৈঠক। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰে খবৰ, মোদী–জেলেনস্কিৰ মাজত ফোন মুঠ ৩৫ মিনিট সময় আলোচনা হয়। মোদীয়ে জেলেনস্কিক কৈছে, ক্ৰমাগত আলোচনাৰ টেবুলত থাকি যিদৰে দুয়োখন দেশে সমস্যা সমাধানৰ চেষ্টা কৰিছে, সেয়া উল্লেখনীয়। আশা কৰা হৈছে, সোমবাৰেই ৰাছিয়া আৰু ইউক্ৰেইনৰ প্ৰতিনিধি দলৰ মাজত এক বৈঠক অনুষ্ঠিত হ’ব। তৃতীয় পৰ্যায়ৰ বৈঠকত যুদ্ধ বন্ধ কৰাৰ বাবে যি ব্যৱস্থা কৰিব লাগে তাক লৈ আলোচনা হ’ব দুই দেশৰ মাজত।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সূত্ৰত আৰু প্ৰকাশ, মোদীয়ে জেলেনস্কিক ধন্যবাদ জনাইছে উদ্ধাৰকাৰ্যত সহায় কৰাৰ বাবে। বিপুল সংখ্যক ভাৰতীয় ছাত্ৰ–ছাত্ৰী ইউক্ৰেইনত আবদ্ধ হৈ আছে। তেওঁলোকৰ বাবে পৃথককৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰি উদ্ধাৰ কাৰ্য চলাইছে ভাৰতে। সেই কামত ইউক্ৰেইনে সহায় কৰিছে বুলি ৰাষ্ট্ৰপতি জেলেনস্কিক ধন্যবাদ জনায় মোদীয়ে।
উদ্ধাৰকাৰ্যৰ ক্ষেত্ৰত ঐক্যমত পোষণ কৰিছে ইউক্ৰেইন আৰু ৰাছিয়া দুয়ো দেশেই। সম্প্ৰতি যুদ্ধবিৰতি ঘোষণাৰ জৰিয়তে নিৰাপদ কৰিডৰ তৈয়াৰৰ বিষয়ে দুয়োখন দেশেই ঐক্যমতত উপনীত হৈছে। সেই ঐক্যমতৰ মাধ্যমেৰে কিভ, খাৰকিভ, ছুমি, মাৰিওপোল আদি চহৰৰ পৰা নিৰাপদে ওলাই যোৱাৰ বাবে পথ তৈয়াৰ কৰিছে দুয়ো দেশেই। ভাৰতৰ নাগৰিকসকলেও সেই পথেৰে নিৰাপদ আশ্ৰয়লৈ যাব পাৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|