
Google-Source
দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় দিনা থিম্ফুৰ ৰয়েল বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰে।
দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় দিনা থিম্ফুৰ ৰয়েল বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰে। বিশ্ববিদ্যালয়খনত এক বিশেষ অনুষ্ঠানত ভাগলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূটানৰ নিজা সৰু উপগ্ৰহৰ ডিজাইন কৰিবলৈ তথা উৎক্ষেপন কৰিবলৈ ভূটানৰ যুৱ বিজ্ঞানী ভাৰতলৈ যাব বুলি উল্লেখ কৰে।অনুষ্ঠানত মোদীয়ে কয়, আপোনালোকৰ মাজৰ পৰা কোনোৱাই বিজ্ঞানী, অভিযন্তা আৰু উদ্ভাৱক হ’ব। মই আশা কৰিছো এদিন ভূটানৰ বিজ্ঞানীয়েও ছেটেলাইট বনাব। উপগ্ৰহৰ জৰিয়তে টেলি মেডিচিনৰ সুবিধা, দূৰৱৰ্তী শিক্ষা,মানচিত্ৰ প্ৰস্তুত, বতৰৰ আগজাননী, প্ৰাকৃতিক দুৰ্যোগৰ সতৰ্ক বাণী আদি ক্ষেত্ৰত নিশ্চয়তা আহিব।
প্ৰধান মন্ত্ৰী মোদীয়ে লগতে কয় যে আজি ভাৰত বহু ক্ষেত্ৰত ঐতিহাসিক পৰিৱৰ্তনৰ সাক্ষী হ’বলৈ সক্ষম হৈছে। বিগত পাঁচ বছৰত বুনিয়াদী আন্ত:গাঁথনি নিৰ্মাণৰ গতি দুগুণ বৃদ্ধি পাইছে। ভাৰত আৰু ভূটানে সংস্কৃতিৰ আদান-প্ৰদান কৰিছে। বৰ্তমান সময়ত সুযোগৰ অভাৱ নাই। ভাৰত আৰু ভূটানৰ জনসাধাৰণৰ মাজত গভাৰ সম্পৰ্ক আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|