জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ কালিৰ পৰা স্কটলেণ্ডৰ গ্লাছগোত জলবায়ু সন্মিলন বা কপ-২৬ আৰম্ভ হৈছে। ভাৰতৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) সোমবাৰে আন্তঃৰাষ্ট্ৰীয় জলবায়ু সন্মিলনৰ কপ-২৬ (COP-26)ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ স্কটিছ প্ৰদৰ্শনী কেন্দ্ৰত উপস্থিত হোৱাৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে উষ্ম আদৰণি জনায়।
প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে নিশা ৰোমৰ পৰা গ্লাছগোত উপস্থিত হৈছিল। অনুষ্ঠানস্থলীত উপস্থিত হোৱাৰ পিছত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন আৰু ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে তেওঁক আদৰণি জনায়। প্ৰধানমন্ত্ৰীয়ে জনছন আৰু গুটেৰেছৰ সৈতে বাৰ্তালাপ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় জলবায়ু সন্মিলন 'কপ–২৬'ত ভাষণ দি ভাৰতকে ধৰি উন্নয়নশীল দেশসমূহৰ কৃষকসকলৰ বাবে প্ৰত্যাহ্বানৰ বিষয়টো উত্থাপন কৰে। তেওঁ ভাৰতৰ জলবায়ু কাৰ্যসূচী আৰু অঞ্চলটোত গ্ৰহণ কৰা সৰ্বশ্ৰেষ্ঠ পদক্ষেপ আৰু সাফল্যৰ বিষয়ে ব্যাখ্যা কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে সন্মিলনত কয়, "বিশ্বব্যাপী জলবায়ু বিতৰ্কত অনুকূলনে (পাৰিপাৰ্শ্বিক) সিমান গুৰুত্ব পোৱা নাই যিমান মিটিগেচনে লাভ কৰিছে। জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা অধিক প্ৰভাৱিত হোৱা উন্নয়নশীল দেশবোৰৰ প্ৰতি এয়া অন্যায়। ভাৰতকে ধৰি বেছিভাগ উন্নয়নশীল দেশৰ কৃষকসকলৰ বাবে জলবায়ু এক ডাঙৰ প্ৰত্যাহ্বান। শস্যৰ আৰ্হি সলনি হৈ আছে। অকাল বৰষুণ আৰু বানপানী বা সঘনাই হোৱা ধুমুহাই শস্য ধ্বংস কৰি আছে।"
তেওঁ পুনৰ কয়– ''কিছুমান সম্প্ৰদায়ৰ মাজত প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি জীয়াই থকাৰ জ্ঞান আছে। আমাৰ অভিযোজন নীতিত সেইবোৰে গুৰুত্ব পাব লাগে। জ্ঞানৰ এই প্ৰৱাহ নতুন প্ৰজন্মলৈ যাব লাগে, সেয়েহে ইয়াক বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে।''
Addressing the @COP26 Summit in Glasgow. https://t.co/Gca9quYv9b
— Narendra Modi (@narendramodi) November 1, 2021
উল্লেখ্য বৰিছ জনছনে জলবায়ু সন্মিলনত সতৰ্ক কৰি দিয়ে যে বিশ্বৰ তাপমাত্ৰা ২ ডিগ্ৰী বৃদ্ধিয়ে খাদ্য যোগান বিপদাপন্ন কৰিব, তাপমাত্ৰা আৰু তিনি ডিগ্ৰী বৃদ্ধি হোৱাৰ লগে লগে ঘূৰ্ণি বতাহৰ ঘটনা বৃদ্ধি পাব আৰু চাৰি ডিগ্ৰী বৃদ্ধি হ'লে সকলো চহৰক বিদায় জনাব লাগিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|