অষ্ট্ৰেলিয়া ভ্ৰমণলৈ গৈ আছিল ভাৰতীয় ক্ৰিকেট দলটো
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ গৈ আছিল ভাৰতীয় ক্ৰিকেট দলটো
আই পি এল সমাপ্ত হোৱাৰ পিছত বৃহস্পতিবাৰে অষ্ট্ৰেলিয়া ভ্ৰমণলৈ উৰা মাৰিলে ভাৰতীয় ক্ৰিকেট দলে। বৰ্তমান ছিডনীত উপস্থিত হোৱা ভাৰতীয় দলটো শনিবাৰে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে। বৰ্তমান ভাৰতীয় ক্ৰিকেট দলটো আছে ছিডনীৰ অলিম্পিক পাৰ্কত। কিন্তু শনিবাৰে সন্ধিয়া এখন বিমান নিয়ন্ত্ৰণ হেৰুৱাই অলিম্পিক পাৰ্কৰ পৰা মাত্ৰ ২৫ কিলোমিটাৰ দূৰৈত থকা ক্ৰোমাৰ ক্ৰিকেট ক্লাৱৰ খেলপথাৰত পৰি যায়।
দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ক্ৰোমাৰ ক্ৰিকেট ক্লাৱৰ খেলপথাৰত স্থানীয় লোকে ক্ৰিকেট আৰু ফুটবল মেচ খেলি আছিল। তেনে সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো। ৰ্ঘটনাটোত দুগৰাকী লোক আহত হৈছে।
উল্লেখযোগ্য যে, অষ্ট্ৰেলিয়াত উপস্থিত হোৱাৰ পিছতে ভাৰতীয় ক্ৰিকেট দলৰ সকলো সদস্যকে কোৰোণা পৰীক্ষা কৰোৱা হয়। সেয়েহে ৰিপৰ্ট নহা পৰ্যন্ত খেলুৱৈসকলে হোটেলৰ বাহিৰলৈ যাবলৈ অনুমতি লাভ কৰা নাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|