ভয়ংকৰ বিমান দুৰ্ঘটনা, দুমহলীয়া অট্টালিকাত আহি সোমাল বিমান, ৯জনৰ মৃত্যু, চাওক VIDEO

News18 Assam | News18-Assam
Updated:December 27, 2019, 9:57 AM IST
ভয়ংকৰ বিমান দুৰ্ঘটনা, দুমহলীয়া অট্টালিকাত আহি সোমাল বিমান, ৯জনৰ মৃত্যু, চাওক VIDEO
বিমানখনত আছিল ৫জন বিমানকৰ্মী আৰু ৯৫জন যাত্ৰী।

বিমানখনত আছিল ৫জন বিমানকৰ্মী আৰু ৯৫জন যাত্ৰী।

  • Share this:
কাজাখস্তানত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। বিমানবন্দৰৰ পৰা উৰা মৰাৰ পিছতে সমীপৰে এটা বিল্ডিঙত খুন্দা মাৰে এখন বিমানে। বিমানখনত আছিল বিমানকৰ্মীসহ ১০০জন লোক। দুৰ্ঘটনাত এইপৰ্যন্ত ৯জন লোকৰ মৃত্যু হৈছে। কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে দুৰ্ঘটনাত।

ৰয়টাৰ্ছৰ মতে, বিমানখন কাজাখস্তানৰ আলমাটী চহৰৰ পৰা ৰাজধানী নুৰ ছুলতানলৈ গৈ আছিল। বিমানখনত আছিল ৫জন বিমানকৰ্মী আৰু ৯৫জন যাত্ৰী। বেক এয়াৰ ফ্লাইট ২১০০ৰ সৈতে স্থানীয় সময় অনুসৰি পুৱা ৭.০৫ বজাত উৰণৰ কিছু সময় পিছতে সংযোগ বিচ্ছিন্ন হৈ পৰিছিল।

চাওক ঘটনাস্থলীৰ দৃশ্য :





NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি