আমেৰিকাৰ ছাউথ ডকোটাত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৯জন লোকৰ মৃত্যু হৈছে। মৃতকসকলৰ ভিতৰত আছে পাইলট আৰু দুটি শিশুও।
ব্লুল কাউণ্টী ষ্টেটৰ এটৰ্ণী থেৰেছা মাউলেই কয় – চেম্বেৰলেনৰ পৰা আইডাহোৰ দিশে আহি থকা বিমানখনত আছিল ১২জন লোক। ব্ৰুল কাউণ্টীৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো। আহতসকলক চিকিৎসাৰ বাবে নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
আনহাতে, ট্ৰান্সপ’ৰ্টেশ্যন ছেফটি ব’ৰ্ডৰ বিষয়া পিটাৰ নডছনে কয় যে বিমানখনৰ উৰণৰ পূৰ্বেই চেম্বৰলেন আৰু চেন্ট্রেল ছাউথ ডকোটাত প্ৰচণ্ড বৰফীয় ধুমুহাৰ সতৰ্কবাণী জাৰি কৰা হৈছিল। নডছনৰ মতে, এলটিএছবিয়ে বিমান দুৰ্ঘটনাৰ তদন্ত কৰিব, কিন্তু প্ৰতিকূল বতৰৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 01, 2019, 12:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|