দেশজুৰি কোৰোণা ভাইৰাছৰ বিভীযিকাময় পৰিস্থিতি। দেশৰ ৰাজধানী দিল্লীত অক্সিজেনৰ অভাৱত মৃত্যুক সাৱটিবলগীয়া হৈছে কোৰোণাত আক্ৰান্ত ৰোগীয়ে। অসমতো প্ৰতিদিনাই বাঢ়িছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।ফলত ৰাজ্যৰ স্বাস্থ্য বিভাগে এতিয়া কোৰোণৰ সংক্ৰমণ ৰোধ কৰিবলৈ দিন ৰাতি একাকাৰ কৰিছে। লগতে অনাগত দিনত যাতে অক্সিজেনৰ নাটনি নহয়, সেই কথাও আগত ৰাখি বিভিন্ন কাৰ্যপন্থা হাতত লৈছে।
![]()
দেওবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই ভূটানৰ জাংখাৰ চামদ্ৰোপত নিৰ্মীয়মান অৱস্থাত থকা Oxygen plant পৰিদৰ্শন কৰে। মন্ত্ৰী হাজৰিকাক সংগ দিয়ে ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে।
![]()
প্ৰকল্পস্থলী পৰিদৰ্শন কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে, 'দেশৰ এনে মহামাৰীৰ সময়ত, কোৰোণাক পৰাস্ত কৰিবলৈ এই অক্সিজেন প্লেণ্ট অতি সহায়ক হ'ব বুলি বিশ্বাস কৰো। কাৰ্যক্ষম হৈ উঠাৰ পিছত অসমে প্ৰতিদিনে ৫০ এমটি অক্সিজেন লাভ কৰিব।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|