কোৰোণাৰ ত্ৰাসৰ মাজতে ফিলিপাইনত আন এক ভয়ংকৰ ফ্লু, বটা চৰাইৰ পৰা বিয়পিছে ভাইৰাছ

News18 Assam | News18-Assam
Updated:March 17, 2020, 5:19 PM IST
কোৰোণাৰ ত্ৰাসৰ মাজতে ফিলিপাইনত আন এক ভয়ংকৰ ফ্লু, বটা চৰাইৰ পৰা বিয়পিছে ভাইৰাছ
প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে এই ভাইৰাছ মানুহৰ বাবেও হ’ব পাৰে ঘাতকসদৃশ।

প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে এই ভাইৰাছ মানুহৰ বাবেও হ’ব পাৰে ঘাতকসদৃশ।

  • Share this:
কোৰোণা ভাইৰাছে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে ফিলিপাইনৰ পৰা আহিছে আন এক বেয়া খবৰ। ফিলিপাইনৰ উত্তৰ প্ৰান্তত আন এক ভয়ংকৰ ফ্লু বিয়পাৰ ঘটনা পোহৰলৈ আহিছে। এয়া বাৰ্ড ফ্লুৰ দৰেই আৰু বটা চৰাইৰ পৰা বিয়পিছে। প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে এই ভাইৰাছ মানুহৰ বাবেও হ’ব পাৰে ঘাতকসদৃশ।

ফিলিপাইনৰ এগৰাকী মন্ত্ৰীয়ে জনোৱা অনুসৰি, এই ভাইৰাছ অতি সংক্ৰামক আৰু H5N6 আৰু ইনফ্লুৱেঞ্জা A ভাইৰাছৰ শ্ৰেণীৰ। সৰ্বপ্ৰথমে এখন বটা চৰাইৰ ফাৰ্মত ইয়াৰ অৱস্থিতি ধৰা পৰিছে। এগৰাকী মন্ত্ৰীয়ে জনোৱা অনুসৰি, ২০১৭ চনতো এই প্ৰান্তত বাৰ্ড ফ্লু বিয়পিছিল।

সুৰক্ষাৰ দিশলৈ লক্ষ্য ৰাখি ১২০০০ৰো অধিক বটা চৰাই নিধন কৰি সুৰক্ষিত স্থানত নষ্ট কৰা হৈছে। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন আৰু ফাৰ্মখনৰ ওচৰ–পাজৰৰ ৭ কিলোমিটাৰ নিলগলৈ চেনিটেচনৰ ব্যৱস্থা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, কেৱল এখন ফাৰ্মতে এই ঘটনা পোহৰলৈ আহিছে, কিন্তু ভাইৰাছ অতি সংক্ৰামক, গতিকে সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি