• Home
  • »
  • News
  • »
  • world
  • »
  • Tokyo Olympics 2020 : লাভলীনাৰ হাতত পৰাস্ত নাদিন এপেজৰ শিক্ষাগত অৰ্হতা কিমান জানেনে, স্বৰ্ণ জয়ী আন্না কিছেনোফাৰ কিমানলৈ পঢ়া?

Tokyo Olympics 2020 : লাভলীনাৰ হাতত পৰাস্ত নাদিন এপেজৰ শিক্ষাগত অৰ্হতা কিমান জানেনে, স্বৰ্ণ জয়ী আন্না কিছেনোফাৰ কিমানলৈ পঢ়া?

মহিলা বক্সাৰ নাদিন এপেজ হৈছে নিউৰোছায়েন্সৰ এগৰাকী গৱেষক ছাত্ৰী। চাইক্লিঙত সোণৰ মেডেল জয় কৰা অষ্ট্ৰিয়াৰ আন্না কিছেনোফাৰ গণিত বিষয়ৰ ডক্টৰেট (PhD) কৰা খেলুৱৈয়।

মহিলা বক্সাৰ নাদিন এপেজ হৈছে নিউৰোছায়েন্সৰ এগৰাকী গৱেষক ছাত্ৰী। চাইক্লিঙত সোণৰ মেডেল জয় কৰা অষ্ট্ৰিয়াৰ আন্না কিছেনোফাৰ গণিত বিষয়ৰ ডক্টৰেট (PhD) কৰা খেলুৱৈয়।

মহিলা বক্সাৰ নাদিন এপেজ হৈছে নিউৰোছায়েন্সৰ এগৰাকী গৱেষক ছাত্ৰী। চাইক্লিঙত সোণৰ মেডেল জয় কৰা অষ্ট্ৰিয়াৰ আন্না কিছেনোফাৰ গণিত বিষয়ৰ ডক্টৰেট (PhD) কৰা খেলুৱৈয়।

  • Share this:
বিশ্বৰ সৰ্ববৃৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিকছ গেমছে প্ৰতিটো খেলৰ জড়িয়তেই মানব জাতিক অধিক মহীয়ান কৰি আহিছে। ফাষ্টাৰ, হায়াৰ আৰু ষ্ট্ৰংগাৰ (“Faster, Higher, Stronger”) বাণীৰে কেৱল খেল আৰু খেলুৱৈৰ পূৰ্ণতা প্ৰাপ্তিয়েই নহয় অলিম্পিকছৰ এই বাণী হৈছে মানুহৰ ইতিহাসক উচ্চৰ পৰা উচ্চতৰলৈ আৰোহণ কৰোৱা। আৰু সেয়ে প্ৰতিটো অলিম্পিকছ গেমতেই আমি পাও এনে বহু কাহিনী যিয়ে আমাক স্তব্ধ কৰি তোলে আৰু জীৱন সংগ্ৰামৰ বাবে উদ্বুদ্ধ কৰে। এইবাৰ টকিঅ' অলিম্পিকছতো এনে কিছুমান কাহিনী পোহৰলৈ আহিছে।

সাধাৰণতেই আমাৰ ধাৰণা আছে যে খেলুৱৈসকলে কেৱল খেলতেই পাৰ্গত, পঢ়া-শুনাত ৰাপ নাই। এনে বহু খেলুৱৈ আছে যি বিশ্ব জয় কৰিছে কিন্তু তেওঁলোকৰ শিক্ষাগত অৰ্হতা তেনেই কম। কিন্তু এইবাৰ অলিম্পিকছ (Tokyo Olympics)ত আহিছে এনে দুগৰাকীমান খেলুৱৈ যাৰ শিক্ষাগত অৰ্হতাই বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে।

এনে দুগৰাকী খেলুৱৈৰ ভিতৰত এগৰাকী হৈছে অসমৰ দুৰ্দান্ত বক্সাৰ লাভলীনা বৰগোহাঁইৰ হাতত পৰাস্ত হোৱা জাৰ্মানীৰ বক্সাৰ নাদিন এপেজ। নাদিন এপেজ (Nadine Apetz) হৈছে নিউৰোছায়েন্সৰ এগৰাকী গৱেষক ছাত্ৰী। লাভলীনাতকৈ ১২ বছৰ ছিনিয়ৰ নাদিনে পিএইছডি গৱেষণাৰ মাজতো বক্সিং খেলি অলিম্পিকছত অংশ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। লাভলীনাৰ দৰে নাদিনেও এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰিছিল অলিম্পিকছত। পৰাস্ত হ'লেও সেয়ে নাদিন এপেজে জয় কৰি গৈছে বিশ্ববাসীৰ হৃদয়।

আনহাতে এইবাৰ সকলোকে হতচকিত কৰি অলিম্পিকছত সোণৰ মেডেল জয় কৰিছে এগৰাকী পিএইছডি(PhD) কৰা খেলুৱৈয়ে। তেওঁ হৈছে অষ্ট্ৰিয়া (Austria)ৰ ৩০ বছৰীয়া চাইক্লিষ্ট আন্না কিছেনোফাৰ (Anna Kiesenhofer)। গণিত বিষয়ৰ ডক্টৰেট আন্নাই প্ৰমাণ কৰি দিছে যে পঢ়া-শুনা কৰি থাকিও খেলত সৰ্বোচ্চ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰি। ভিয়েনা আৰু কেম্ব্ৰিজ (Cambridge) বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল আন্নাই।

প্ৰতিবিধ খেলতেই কঠোৰ অনুশীলন কিমান প্ৰয়োজন সেয়া সকলোৱে জানে। তাৰ মাজতো আন্না বা নাদিনৰ দৰে খেলুৱৈ আছে যি অলিম্পিকছত প্ৰৱেশ কৰি খেলক অধিক মহীয়ান কৰি গ'ল।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি