ডাঙৰ খবৰ! বিশ্বৰ প্ৰথম কোৰোণা ভেকচিন হিচাপে ফাইজাৰক স্বীকৃতি দিলে বিশ্ব স্বাস্থ্য সংস্থাই

News18 Assam | News18-Assam
Updated:January 1, 2021, 11:16 AM IST
ডাঙৰ খবৰ! বিশ্বৰ প্ৰথম কোৰোণা ভেকচিন হিচাপে ফাইজাৰক স্বীকৃতি দিলে বিশ্ব স্বাস্থ্য সংস্থাই
বিশ্ব স্বাস্থ্য সংস্থাৰ ফালৰ পৰা বৃহস্পতিবাৰে নিশা জনোৱা হৈছে যে ফাইজাৰ–এনবায়’টেকৰ ভেকচিন নিৰাপত্তা আৰু কাৰ্যকাৰিতাৰ ক্ষেত্ৰত হুৰ মানদণ্ডত সফল হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ ফালৰ পৰা বৃহস্পতিবাৰে নিশা জনোৱা হৈছে যে ফাইজাৰ–এনবায়’টেকৰ ভেকচিন নিৰাপত্তা আৰু কাৰ্যকাৰিতাৰ ক্ষেত্ৰত হুৰ মানদণ্ডত সফল হৈছে।

  • Share this:
ভাল খবৰেৰে আৰম্ভণি নতুন বছৰৰ। ফাইজাৰৰ ভেকচিনক বিশ্বৰ প্ৰথম জৰুৰীকালীন ব্যৱহাৰৰ অনুমতিপত্ৰ দিলে বিশ্ব স্বাস্থ্য সংস্থাই। অৰ্থাৎ তৃতীয় বিশ্বৰ অন্তৰ্গত দুখীয়া দেশসমৱহেও শীঘ্ৰে লাভ কৰিব কোৰোণাৰ ভেকচিন।

যিকোনো দেশৰ ক্ষেত্ৰতে কোনো ভেকচিনৰ অনুমতি পত্ৰ দিয়ে সেই দেশৰ নিয়ামক সংস্থাই। কিন্তু দৰিদ্ৰ তথা আন্তঃগাঁথনিহীন দেশসমূহে অধিকাংশই নিৰ্ভৰ কৰে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদনৰ ওপৰত।



বিশ্ব স্বাস্থ্য সংস্থাৰ ফালৰ পৰা বৃহস্পতিবাৰে নিশা জনোৱা হৈছে যে ফাইজাৰ–এনবায়’টেকৰ ভেকচিন নিৰাপত্তা আৰু কাৰ্যকাৰিতাৰ ক্ষেত্ৰত হুৰ মানদণ্ডত সফল হৈছে। উল্লেখযোগ্য যে মাৰ্কিন যুক্তৰাষ্ট্ৰ, ব্ৰিটেইনসহ ইউৰোপিয়ান ইউনিয়নৰ বহু দেশে এই ভেকচিন ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে।
Published by: Sanjay Kumar Das
First published: January 1, 2021, 11:16 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading