Pfizer-BioNTechৰ কোৰোণা ভেকচিনক অনুমোদন জনোৱা প্ৰথম খন দেশ হিচাপে বিবেচিত হ’ল গ্ৰেট ব্ৰিটেইন
Pfizer-BioNTechৰ কোৰোণা ভেকচিনক অনুমোদন জনোৱা প্ৰথম খন দেশ হিচাপে বিবেচিত হ’ল গ্ৰেট ব্ৰিটেইন
কোৰোণা ভাইৰাছৰ বিৰুদ্ধে অব্যাহত আছে যুঁজ। তাৰ মাজতে গ্ৰেট ব্ৰিটেইনে ল’লে ঐতিহাসিক সিদ্ধান্ত। গ্ৰেট ব্ৰিটেইনে অনুমোদন জনালে Pfizer-BioNTechৰ কোৰোণা ভেকচিনক। জৰুৰী সময়ত ব্যৱহাৰৰ বাবে এই ভেকচিনক স্বীকৃতি প্ৰদান কৰিছে দেশখনৰ Medicines and Healthcare Products Regulatory Authority এ।
এতিয়া ভাৰতৰ লগতে বিশ্বৰ প্ৰায় ১৮০ খন দেশে কোৰোণাৰ ভেকচিনৰ বাবে অপেক্ষা কৰি আছে। কিন্তু এইটোও সত্য যে, প্ৰথম পৰ্যায়ত ভাৰতৰ সকলোকে দিয়া নহ’ব কোৰোণাৰ ভেকচিন।
দৰাচলতে, কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে মঙলবাৰে কয় যে, ‘কোৰোণাৰ ভেকচিন সকলোৰে বাবে নহয়।’ সমগ্ৰ দেশৰ বাবে কোৰোণাৰ ভেকচিন কেতিয়ালৈ উপলব্ধ হ’ব, সেই প্ৰশ্নৰ উত্তৰত স্বাস্থ্য সচিবগৰাকীয়ে কয় যে, ‘সমগ্ৰ দেশৰ বাবে চৰকাৰে টিকাকৰণৰ কথা কেতিয়াও কোৱা নাই। সদ্যহতে কোৰোণাৰ যুদ্ধা, বয়োজ্যেষ্ঠসকলক প্ৰদান কৰা হ’ব কোৰোণাৰ ভেকচিন।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|